/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-22.jpg)
ৰঙিয়াত পৰিত্যক্ত অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ...
ডিজিটেল সংবাদ ৰঙিয়া: ৰঙিয়াত পৰিত্যক্ত অৱস্থাত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে পুৱতি নিশা ৰঙিয়াৰ সমীপৰ শিঙিমাৰীত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ।
শিঙিমাৰীৰ এখন ধাননি পথাৰত উদ্ধাৰ হৈছে মৃতদেহটি। মৃতদেহৰ ডিঙি আৰু মুখমণ্ডলত সম্পূৰ্ণৰূপে স্পষ্ট আছে আঘাতৰ চিন।লগতে নিহত লোকজনৰ পেন্টৰ পকেটৰ পৰা উদ্ধাৰ হৈছে নলবাৰী জিলাৰ পাইকাৰকুছিস্থিত প্ৰণিতা ৰেষ্টুৰেন্টৰ এখন ভিজিটিং কাৰ্ড।
পিছত ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো ৰঙিয়া আৰক্ষী থানালৈ লৈ আনে। বৰ্তমানলৈ মৃতদেহটোৰ কোনো ধৰণৰ পৰিচয় উদ্ধাৰ হোৱা নাই। সম্প্ৰতি ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Also Read: কোকৰাঝাৰত ভেজাল সুৰা প্ৰস্তুতকাৰী জব্দকৃত সামগ্ৰীয়ে স্তম্ভিত কৰিছে প্ৰশাসনক