কোকৰাঝাৰত ভেজাল সুৰা প্ৰস্তুতকাৰী জব্দকৃত সামগ্ৰীয়ে স্তম্ভিত কৰিছে প্ৰশাসনক

মূল অভিযুক্ত সীমদৌন বসুমতাৰী এতিয়াও পলাতক

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত ভেজাল সুৰা প্ৰস্তুতকাৰী জব্দকৃত সামগ্ৰীয়ে স্তম্ভিত কৰিছে প্ৰশাসনক

কোকৰাঝাৰত ভেজাল সুৰা প্ৰস্তুতকাৰী জব্দকৃত সামগ্ৰীয়ে স্তম্ভিত কৰিছে প্ৰশাসনক

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ভেজাল সুৰা প্ৰস্তুত কৰা কাৰখানাই আৱকাৰী বিভাগত তোলপাৰ লগোৱাৰ সময়তে কোকৰাঝাৰৰ মূল অভিযুক্ত সৌমদৌন বসুমতাৰী অদ্যপি পলাতক অৱস্থাত আছে। আবকাৰী বিভাগে ইতিমধ্যে সৌমদৌন বসুমতাৰী সহিতে মিনতি ব্ৰহ্ম, গোপীনাথ ব্ৰহ্ম আৰু খান্তেশ্বৰ বসুমতাৰীক হাজিৰ হ'বলৈ নিৰ্দেশ দিছে যদিও তেওঁলোক বৰ্তমানলৈকে হাজিৰ হোৱা নাই অৰ্থাৎ পলাতক অৱস্থাত আছে।

Advertisment

উল্লেখ্য যে যি সময়ত চৰকাৰে আবকাৰী ৰাজহ বৃদ্ধিৰ বাবে সুৰাৰ দাম বৃদ্ধি কৰিছে তেনেসময়তে কোকৰাঝাৰত ভেজাল সুৰা ফেক্টৰী স্থাপনৰ বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ নিকটত তথা বিছমুৰী উপ-আৰক্ষী চকীৰ সমীপৰ সমৰপুৰত ভেজাল সুৰা ফেক্টৰী উৎখাত কৰাৰ পিছত তাত জব্দকৃত সা-সামগ্ৰী প্ৰত্যক্ষ কৰি আবকাৰী বিভাগৰ চকু কপালত উঠিছে।

যোৱা ২৩ জুনত গুৱাহাটীৰ আবকাৰী বিভাগে কোকৰাঝাৰৰ ফেক্টৰীটোত তালাচী চলাই ২০০০ লিটাৰৰ কণ্টেইনাৰ, ৫১ হাজাৰ নকল হলোগ্ৰাম, অফিচাৰ্চ ছইছ, মেক্ ডুৱেল , হুইস্কি আদিকে ধৰি বহু ব্ৰেণ্ডৰ সাঁফৰ ৯৫২০০ টা, গ্লাছ বটল ৩৫৮৫০ টা, পেট বটল ১০২০০ টা, ৬ হাজাৰ মনোকাৰ্টন, প্লাষ্টিকৰ ষ্টৰেজ ৪০০০ লিটাৰ আদিকে কৰি বহু সামগ্ৰী জব্দ কৰা হৈছে বুলি আজি সদৰি কৰিছে কোকৰাঝাৰ আবকাৰী বিভাগৰ অধীক্ষক এ কে বায়নে।

জব্দকৃত সামগ্ৰীদমূহ কাৰ্যালয় প্ৰাংগনত ৰখা হৈছে ভেজাল সুৰা প্ৰস্তুতকাৰী ফেক্টৰী উৎখাত কৰিব পৰাটো বিভাগৰ বাবে কৃত্বিত্ব বুলি দাবী কৰিছে। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ, ৰাজহ লোকচানকাৰী উক্ত ভেজাল ফেক্টৰীটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু বিষয়টো সন্দৰ্ভত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সতে আলোচনা কৰা হৈছে বুলি সদৰি কৰিছে কোকৰাঝাৰ আবকাৰী বিভাগৰ অধীক্ষক এ কে বায়নে।

উক্ত ফেক্টৰীটোত জব্দকৃত সুৰাৰ বিভিন্ন ব্ৰেণ্ডৰ লেবেলসমূহত অনলি ফৰ অৰুণাচল , অনলি ফৰ মেঘালয় বুলিও প্ৰিণ্ট কৰা আছিল বুলি সদৰি কৰিছে কোকৰাঝাৰ আবকাৰী বিভাগৰ অধীক্ষক এ কে বায়নে। ইপিনে বৰ্তমানেও মূল অভিযুক্ত সৌমদৌন বসুমতাৰী পলাতক হৈ থকাত আবকাৰী বিভাগৰটোৰ গোচৰটোৱে বিশেষ অগ্ৰগতি লাভ কৰা নাই। প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বেও সৌমদৌন বসুমতাৰী কাঠৰ অবৈধ ব্যৱসায়ৰ সতে জড়িত আছিল বুলি অভিযোগ উত্থাপিত হৈছে ।

Also Read: পুনৰ বহি:ৰাজ্যত মৃত্যুক সাৱতিলে বঢ়মপুৰৰ যুৱকে...

কোকৰাঝাৰ আবকাৰী বিভাগ