তিনিচুকীয়াৰ পথৰ কাষৰ নলাত মৃতদেহ উদ্ধাৰ…

তিনিচুকীয়াৰ পথৰ কাষৰ নলাত মৃতদেহ উদ্ধাৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, তিনিচুকীয়া:- তিনিচুকীয়াৰ গেলাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত চান্দমাৰি পথৰ কাষৰ নলাত সোমবাৰেএটা মৃতদেহ উদ্ধাৰ হয় ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

Advertisment

মৃতদেহটো হিজুগুৰিৰ নিয়াজ আলী বুলি চিনাক্ত কৰা হৈছে । লোকজনে কালি নিশা প্ৰায় ৯ বজাত ঘৰৰ পৰা বাইচাইকেল লৈ উলাই অহা বুলি জনা যায় ৷ পৰিয়ালে এয়া এক হত্যাকাণ্ডৰ ঘটনা বুলি সন্দেহ ব্যক্ত কৰি আৰক্ষীক এই বিষয়ত উচিত তদন্তৰ দাবী জনাইছে ৷

আৰু পঢ়ক:  কি কাৰণে চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিলে আৰক্ষী বিষয়া দীনে…

assam tinsukia