কি কাৰণে চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিলে আৰক্ষী বিষয়া দীনে…

কি কাৰণে চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিলে আৰক্ষী বিষয়া দীনে…

ডিজিটেল সংবাদ, তিনিচুকীয়া:– সোমবাৰে দিন-দুপৰতে তিনিচুকীয়া সদৰ থানাত এগৰাকী সহকাৰী উপ-পৰিদৰ্শকে কৰ্তব্যৰত অৱস্থাতে নিজৰ চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে । এই ঘটনাই চহৰখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

প্ৰাপ্ত তথ্য অনুসৰি তিনিচুকীয়া সদৰ থানাৰ যান-বাহন আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক দীন সোণোৱালে (৫৩) আজি বিয়লি প্ৰায় ৩-৫০ বজাত থানাৰ ভিতৰৰ কোঠাত নিজৰ চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যাৰ চেষ্টা কৰে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সোণোৱালক ততাতৈয়াকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসা চলি থকাৰ মাজতে বিয়লি প্ৰায় ৪ বজাত তেওঁৰ মৃত্যু হয় ।

জানিব পৰা মতে মাকুম লাইনাৰ বাসিন্দা দীন সোণোৱালে শেহতীয়াকৈ তিনিচুকীয়াৰ জানমুখত ঘৰ-বাৰী সাজি নিগাজিকৈ থাকিবলৈ লৈছিল । পত্নী, এগৰাকী পুত্ৰ আৰু এজনী কন্যা সন্তানৰ পিতৃ সোণোৱালে কি কাৰণে আত্মহত্যাৰ পথ বাচি ল'লে সেয়া এইপৰ্যন্ত জানিব পৰা হোৱা নাই । ইফালে সোণোৱালৰ মৃতদেহৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত শৱদেহৰ সৎকাৰ কৰা হ'ব । স্মৰ্তব্য যে তিনিচুকীয়া যান-বাহন আৰক্ষীত যোগদান কৰাৰ পূৰ্বে সোণোৱাল পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিয়োজিত আছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in