বিপদজনক ভাৱে খোজ কাঢ়ি গৈ থকা অৱস্থাত ৰেলৰ খুন্দাত যুৱকৰ মৃত্যু...

কামৰূপ জিলাৰ বাইহাটা জি আৰ পিৰ অন্তৰ্গত তথা বাইহাটা ৰেল ষ্টেচনৰ নাতিদুৰত মঙলবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।

author-image
Asomiya Pratidin
New Update
বিপদজনক ভাৱে খোজ কাঢ়ি গৈ থকা অৱস্থাত ৰেলৰ খুন্দাত যুৱকৰ মৃত্যু...

ডিজিটেল সংবাদ দুমুনিচকী :- কামৰূপ জিলাৰ বাইহাটা জি আৰ পিৰ অন্তৰ্গত তথা বাইহাটা ৰেল ষ্টেচনৰ নাতিদুৰত মঙলবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। বাইহাটা জি আৰ পিয়ে উদ্ধাৰ কৰা অচিনাক্ত মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহটো বৰ্তমান ৰঙিয়া জি আৰ পিৰ মৰ্গত ৰখা হোৱা বুলি প্ৰতিবেদকক অৱগত কৰে।

Advertisment

উল্লেখ্য যে আজি পুৱা প্ৰায় ৮ বজাত ৰেল লাইনৰ কাষেৰে বিপদজনক ভাৱে খোজ কাঢ়ি গৈ থকা অৱস্থাত চলন্ত ৰেলে যুৱকজনক খুন্দিয়াই। ফলত চিটিকি পৰা যুৱকজনৰ থিতাতে মৃত্যু হয় বুলি অবগত কৰে প্ৰত্যক্ষদৰ্শী লোকে।

প্ৰায় ২৮ বছৰ বয়সীয়া যুৱকজনৰ লগত কোনো ধৰণৰ পৰিচয় পত্ৰ উদ্ধাৰ নোহোৱাত ৭২ ঘন্টালৈকে ৰঙিয়া জি আৰ পিৰ মৰ্গত ৰখা হ'ব বুলি বাইহাটা ষ্টেচনৰ ৰেল আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰু পঢ়ক: গ্ৰন্থমেলা! এক বিশেষ আৱেগত আৱদ্ধ সকলো...

assam dead