গ্ৰন্থমেলা! এক বিশেষ আৱেগত আৱদ্ধ সকলো...

নতুনত্বৰ সন্ধান সকলোতে হয়। সেই নতুনত্বই পৰিৱৰ্তন আনে। আশাৰ পোহৰ দেখুৱাই। বৰ্তমান ডিজিটেলৰ যুগ। ইয়াৰ সৈতে আমি আগবাঢ়িবই লাগিব।
গ্ৰন্থমেলা! এক বিশেষ আৱেগত আৱদ্ধ সকলো...

বৰষা শৰ্মা

ৰাজ্যত শীতৰ আগমন। শীতকো নেওচি এখন বিশেষ ঠাইত দেখা গৈছে মানুহৰ ভিৰ। সকলোফালে মানুহ আৰু কিতাপ।আপুনি আপোনাৰ প্ৰিয় কিতাপখন হাতত লৈ মেলি চাইছে। কোনোবা এখন কিনিও লৈছে। মাজতে হয়তো দেখিছে এখন মঞ্চত আপোনাৰ প্ৰিয় কোনোবা এজন সাহিত্য়িক ভাষণ দি আছ। এয়া চমুকৈ এখন গ্ৰন্থমেলাৰ দৃশ্য।

সমাগত অসম গ্ৰন্থমেলা। গ্ৰন্থপ্ৰেমী সকলে অধিক আগ্ৰহেৰে বাট চাই থকা দিনটো আহি পৰিছে। ২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা ২০২২। এতিয়া গ্ৰন্থমেলাৰ বতৰ।

গ্ৰন্থ বুলি ক'লেই আমাৰ মনলৈ আহে জ্ঞানৰ অক্ষয় ভাণ্ডাৰ এক ভৌতিক বস্তুৰ ছবি। গ্ৰন্থই জ্ঞান আহৰণ কৰাৰ সহজ মাধ্যম হিচাপে গণ্য কৰা হয়। কথাতে আছে কিতাপ এখন হ'ব পাৰে আপোনাৰ প্ৰকৃত বন্ধু। হেমকোষ অভিধানত গ্ৰন্থ শব্দৰ বাখ্য আছে- গ্ৰন্থ বি,(সং. গ্ৰন্থ.পুথি-গ্ৰথ, ৰচনা কৰ্)পুথি । গ্ৰন্থৰ প্ৰতিশব্দ পুথিৰ আভিধানিক অৰ্থ- কোনো বিষয়ৰ বিৱৰণ থকা এদাঁতিয়ে বন্ধা বা নবন্ধ হাতেৰে লিখা বা ছপা কৰা কিছুমান পাত।

যি নহওক গ্ৰন্থ বা কিতাপ এখনৰ পৰা মানুহে বহু শিকিব পাৰে। এই কিতাপ এখন সকলোৰে মাজলৈ লৈ যোৱাৰ সহজ উপায় হ'ল গ্ৰন্থমেলা। ভাৰতীয় গ্ৰন্থমেলাৰ ইতিহাসত 'বংগীয় পুস্তক প্ৰকাশক আৰু বিক্ৰেতা সমিতি'য়ে কলকাতাত আয়োজন কৰা গ্ৰন্থমেলা খনক ভাৰতবৰ্ষৰ প্ৰথমখন গ্ৰন্থমেলা হিচাপে চিহ্নিত কৰা হয়। ইয়াৰ পাছত 'নেচনেল বুক ষ্ট্ৰাষ্ট অফ ইণ্ডিয়া'ই ১৯৬৯ চনত বোম্বাইত প্ৰথমখ ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা আয়োজিত কৰিছিল।'অসমত নেচনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া' আৰু 'অসম প্ৰকাশন পৰিষদে' যুটীয়াভাৱে ১৯৭৩ চনত ঐতিহাসিক কটন কলেজত অসমৰ প্ৰথমখন গ্ৰন্থমেলা অনুষ্ঠিত কৰিছিল। এনেকৈয়ে অসমত পাতনি মেলিছিল গ্ৰন্থমেলাই।

সেই তেতিয়াৰ পৰা মানুহৰ মাজত গ্ৰন্থমেলাই এক বিশেষ স্থান পাই আহিছে। তদুপৰি আগ্ৰহ কমা নাই গ্ৰন্থ পঢ়াৰ। কিন্তু ডিজিটেল মিডিয়াৰ আগ্ৰাসনে গ্ৰন্থৰ প্ৰতি মানুহৰ আন্তৰিকতা কমাব বুলি এক শংকা কৰা হৈছিল।

বিগত কেইটামান বছৰ লক্ষ্য কৰিলে দেখা যায় যে একাংশ লোক বিশেষকৈ যুৱ-প্ৰজন্ম ছ'চিয়েল মিডিয়া বা ডিজিটেলৰ পৃথিৱীৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈ আহিছে। কিতাপ পঢ়াৰ সলনি একাংশ সেই বিষয়ে ইন্টাৰনেটৰ জৰিয়তে অধ্যয়ন কৰে। গতিকে গ্ৰন্থৰ প্ৰতি ভাবুকি আহিব বুলি প্ৰশ্ন অহাটো স্বাভাৱিক।

সকলো বস্তুৰে ইতিবাচক বা নেতিবাচক দুয়োটা দিশেই আছে। যোৱা কেইবছৰ মানৰ আগৰ গ্ৰন্থমেলা লক্ষ্য কৰিলে ধৰিব পাৰি যে এতিয়াই একাংশই ইন্টাৰনেটৰ সলনি ছপা কিতাপ এখন পঢ়ি বেছি প্ৰশান্তি লাভ কৰে।

ইন্টাৰনেটো কোনোবাখিনিত গ্ৰন্থৰ বাবে ইতিবাচক হৈ পৰা বুলি ক'ব পাৰি। বহু সময়ত একাংশই ছ'চিয়েল মিডিয়াত প্ৰথমে লিখা প্ৰকাশ কৰে। তাৰ পাছত সেই লিখনি গ্ৰন্থ আকাৰত প্ৰকাশ কৰে। উদাহৰণ স্বৰূপে, লাইফ অফ এ ড্ৰাইভাৰৰ কথা ক'ব পাৰি। এই কিতাপখনে বিগত গ্ৰন্থমেলাত এক অভিলেখৰ সৃষ্টি কৰিছিল।

ইয়াৰোপৰি বিশিষ্ট সাংবাদিক তথা সাহিত্যিক মনোজ কুমাৰ গোস্বামীয়ে ফেচবুকৰ জৰিয়তে খণ্ড খণ্ড কৈ 'ৰাজনীতিৰ অলিগে গলিয়ে' শীৰ্ষক এক লেখা আগবঢ়াইছিল। এই লেখা এতিয়া প্ৰকাশ পাব কিতাপ আকাৰত। গ্ৰন্থ আকাৰত প্ৰকাশ পোৱাৰ আগতে গোস্বামীৰ এই লেখাটোৱে ছ'চিয়েল মিডিয়াত এক বিশেষ আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল, আৰু ইয়ে যুৱ প্ৰজন্মৰ মাজতো এক ইতিবাচক প্ৰভাৱ পেলাইছে।

এনেদৰে আৰু বহু উদাহৰণ আছে যে, আজিৰ ডিজিটেলৰ দুনীয়াতো একাংশৰ বাবে কিতাপ পঢ়া বা গ্ৰন্থমেলা এক আৱেগ। গতিকে এই আৱেগে কেতিয়াও গ্ৰন্থৰ প্ৰতি মানুহৰ ভালপোৱা কমাব নোৱাৰে।

তদুপৰি আজিকালি ছ'চিয়েল মিডিয়াত যুৱ প্ৰজন্মই লিখা মেলা আৰম্ভ কৰিছে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোক জনপ্ৰিয় হৈ পৰে। সহজ আৰু সৰল ভাষাত তেওঁলোকৰ এই লেখাই এক বিশেষ স্থান দখল কৰে। গতিকে ইয়াৰ পৰাই এটা কথাৰেই উমান পোৱা যায় যে মানুহে সৰল লেখাক প্ৰাধন্য দিয়ে।

সাহিত্যৰ যি উত্তৰাধুনিকতাবাদ, সেয়া মানুহে সম্পূৰ্ণৰূপে গ্ৰহণ কৰা নাই। মাজতে বহু সাহিত্যিকে এই দিশতো আকোঁৱালি লৈছিল যদিও পাঠকে বৰ বেছি গুৰুত্ব দিয়া দেখা নগ'ল।

জটিল শব্দ একাংশই ভাল নাপায়। তাৰ সলনি সহজ-সৰল সাহিত্যই মানুহক আকৰ্ষিত কৰে। সেইবাবে মনোজ গোস্বামী,ৰূপম দত্ত আদিৰ সহজ ভাষাৰ মানুহ প্ৰেমত পৰে । শব্দৰ জটিল কচৰৎ মানুহে ভাল নাপায়।

তদুপৰি ছ'চিয়েল মিডিয়াই ছপা গ্ৰন্থৰ পৰিপূৰক হিচাপে কাম কৰি আছে। বহু সময়ত ছ'চিয়েল মিডিয়াত বহু বিষয়ক লৈ চৰ্চা চলে। সম্পৰীক্ষণো হয় ছ'চিয়েল মিডিয়াত।য'ত অংশ লয় জ্যেষ্ঠৰ পৰা কনিষ্ঠ একাংশই। যুৱ প্ৰজন্মইও এই সমূহত অংশ গ্ৰহণ কৰে যাৰ বাবে সকলো অধিক আকৰ্ষিত হয় গ্ৰন্থৰ প্ৰতি।

কিছুদিন পূৰ্বে চৰ্চালৈ আহিছিল ডাঃ সুকৃতি চৌধুৰী। বহুতে ছ'চিয়েল মিডিয়াত ইয়াক লৈ লিখিছিল, নিজৰ মতামত দিছিল কিন্তু কোনোৱে গ'ম নাপালে আচলতে সুকৃতি চৌধুৰী কোন। নিজৰ ইচ্ছামতেই সুকৃতিৰ ৰূপ লৈ কোনো এজন হয়তো বিশিষ্ট সাহিত্যিক ৰাইজৰ মাজলৈ আহিছিল আৰু পাছত সকলোকে বিদায় জনাই আঁতৰি গ'ল।

সুকৃতি চৌধুৰীৰ এই অধ্যায়টোও একাংশই সম্পৰীক্ষণ বুলিয়েই কয়।হয়তো কোনোবা সাহিত্যিকে এক সম্পৰীক্ষণ চলালে আৰু তাৰ অন্তত সুকৃতিক বিদায় দিলে। যি নহওক তেতিয়াও একাংশই আশা কৰিছিল যি সুকৃতিৰ বিষয়ে লিখা জনে ৰাইজলৈ গ্ৰন্থ এখন উপহাৰ দিব।

হয়তো পূৰ্বৰ তুলনাত পুথিভৰাঁলত গৈ কিতাপ পঢ়াৰ মানুহৰ হাবিয়াস কমিছে। কিন্তু গ্ৰন্থৰ প্ৰতি প্ৰেম মানুহৰ এতিয়াও আছে। যাৰ বাবে প্ৰকাশন পৰিষদে ৪ খনকৈ গ্ৰন্থমেলা আৰু কেইবাখনো জিলাইও গ্ৰন্থমেলা আয়োজন কৰাৰ সাহস কৰিছে।

নতুনত্বৰ সন্ধান সকলোতে হয়। সেই নতুনত্বই পৰিৱৰ্তন আনে। আশাৰ পোহৰ দেখুৱাই। বৰ্তমান ডিজিটেলৰ যুগ। ইয়াৰ সৈতে আমি আগবাঢ়িবই লাগিব। পুৰণিক সাৱতি আমি বহি থাকিলে নহ'ব। সময়ৰ গতিয়ে আমাক আগুৱাই লৈ যায়। কিন্তু কিছুমান বস্তুৰ প্ৰতি মানুহৰ আৱেগ কমি নাযায়। ঠিক তেনেদৰে গ্ৰন্থ বা গ্ৰন্থমেলাৰ প্ৰতিও একাংশ এক বিশেষ আৱেগত আৱদ্ধ...

আৰু পঢ়ক: সন্তোষ ট্ৰফীঃ হস্তক্ষেপ অবিহনে গঠন কৰা হৈছে অসম দল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in