পুখুৰীৰ পৰা উদ্ধাৰ নৰ কংকাল, উত্তপ্ত পৰিস্থিতি মানকাচৰত...

কাঁইটীয়া তাৰৰ বেৰৰ ওচৰত থকা এটা পুখুৰীৰ মেটেকাৰ মাজৰ পৰা উদ্ধাৰ হৈছে নৰ কংকালটি।

author-image
Asomiya Pratidin
New Update
পুখুৰীৰ পৰা উদ্ধাৰ নৰ কংকাল, উত্তপ্ত পৰিস্থিতি মানকাচৰত...

ডিজিটেল সংবাদ, মানকাচৰ: মানকাচৰৰ কাকৰিপাৰা ভাৰত বাংলাদেশ সীমান্তত যুৱকৰ নৰ কংকাল উদ্ধাৰ। কাঁইটীয়া তাৰৰ বেৰৰ ওচৰত থকা এটা পুখুৰীৰ মেটেকাৰ মাজৰ পৰা উদ্ধাৰ হৈছে নৰ কংকালটি।

Advertisment

আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত নৰ কংকাল চিনাক্ত কৰিব পৰা নাই। অন্যহাতে গাঁও খনত তিনি মাহ ধৰিনিখোজ হৈ আছে নুৰ নবী ওৰফে নুৰু নামৰ এজন যুৱক। নুৰুৰ পৰিয়ালৰ মতে নৰকংকালটি নুৰৰ।

নৰ কংকালটিৰ পিন্ধোনত থকা কাপোৰ দেখি পৰিয়ালৰ লোকে এই দাবী কৰিছে।নুৰ নোখোজ হৈ থকা বিষয়টো পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছিল যদিও মানকাচৰ আৰক্ষীয়ে কোনো গুৰুত্ব দিয়া নাছিল বুলি পৰিয়ালৰ লোৰে অভিযোগ উত্থাপন কৰিছে।

শুকুৰবাৰে নৰকংকালটি উদ্ধাৰৰ পাছতেই আৰক্ষীৰ বিৰুদ্ধে স্থানীয় জনতা উত্তেজিত হৈ পৰে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী, বি এছ এফ বাহিনীৰ লগতে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ।

আৰক্ষীয়ে ইতিমধ্যে নৰকংকালটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। ইয়াৰ পাছতহে ঘটনাৰ প্ৰকৃত ৰহস্য ওলাই পৰিব।

আৰু পঢ়ক: পানীখাইতি পূব প্ৰাথমিক বিদ্যালয়ৰ নান্দনিক পৰিৱেশ দেখি মোহিত বহিঃ মূল্যায়ক

crime mankachar