/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। চিৰাঙৰ কাজলগাঁও থানাৰ অন্তৰ্গত ওদালগুৰী গাঁৱৰ আই নৈৰ দাঁতিত এটি অৰ্দ্ধগলিত পুৰুষৰ মৃতদেহ উদ্ধাৰ হৈছে ।
উদ্ধাৰ হোৱা মৃতদেহটো মুন্নাফ আলীৰ পুত্ৰ পেচাত মাছমৰীয়া জাফৰ আলী (৩২)বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে মাছমৰীয়া জাফৰ আলী যোৱা ২২এপ্ৰিল তাৰিখে মাছ মাৰিবলৈ গৈ নিৰুদ্দেশ হৈ আছিল ।
শুকুৰবাৰে দুপৰীয়া আই নৈ পাৰত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছত আৰক্ষীৰ থানাত খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মাছমৰীয়া জনৰ মৃত্যুৰ সন্দৰ্ভত এতিয়াও কোনো তথ্য জানিব পৰা হোৱা নাই।
Also Read: মণিপুৰত ৬৮.৪৮ শতাংশৰ বিপৰীতে মহাৰাষ্ট্ৰত মাত্ৰ ৪৩.০১ শতাংশ ভোটদান...