/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fb67c0fc-8f72-4c18-bb3f-83eb5ad3c334/police.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীৰ পথাৰকুৱাৰীত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে পথাৰকুৱাৰীৰ স্বাস্থ্য সেৱা অতিৰিক্ত সঞ্চালকৰ কাৰ্যালয়ৰ ভঁৰাল গৃহৰ নিৰাপত্তা ৰক্ষীৰ মৃতদেহ উদ্ধাৰ হয়।
নিৰাপত্তাৰক্ষী জন নুনমাটিৰ কৃষ্ণ শৰ্মা (৫২) বুলি চিনাক্ত হৈছে। বৃহস্পতিবাৰে সন্ধিয়া নুনমাটিৰ বাসগৃহৰ পৰা কৃষ্ণ শৰ্মাই কৰ্তব্যস্থলী লৈ গৈছিল কৰ্তব্য সমাধা কৰিবলৈ।
কিন্তু আজি দিনৰ ১০ বজাত নিৰাপত্তাৰক্ষীৰ কাৰ্যালয়ৰ ভিতৰত কৃষ্ণ শৰ্মাৰ মৃতদেহ পৰি থকা দেখা পাই নুনমাটি থানাত খবৰ দিয়ে। নুনমাটিৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে।
মৃত লোক জনৰ মুখৰ পৰা ফেন আৰু নাকৰ পৰা তেজ ওলোৱা প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যা কাণ্ড বুলি দাবী কৰিছে পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।
Also Read: অচিনাক্ত বাহনে মহটিয়াই নিলে অসম আৰক্ষীৰ জোৱানক, থিতাতে মৃত্যু