/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
বিজনীৰ খুজুৰাপগুৰীৰ আই নৈৰ যুৱলিত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ বিজনী থানাৰ বড়োবাজাৰ উপ-আৰক্ষী চকীৰ খুজুৰাপগুৰী গাঁৱত আই নৈৰ পানীৰ যুৱলিত উৱলি যোৱা এটা অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । দেওবাৰে স্থানীয় লোকে উৎকট গোন্ধৰ উৎস বিচাৰি যোৱাত আই নৈৰ পানীৰ যুৱলিৰ পাৰ্কুপাইনৰ খুটাত লাগি থকা মৃতদেহটো প্ৰত্যক্ষ কৰে ।
খুব সম্ভৱত আই নৈৰ পানীত উটি অহা মৃতদেহটো খুজুৰাপগুৰীত উদ্ধাৰ হোৱাৰ পিছত এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । স্থানীয় লোকে বড়োবাজাৰ উপ-আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰিছে । বাতৰি যুগুত কৰা পৰ্যন্ত মৃতদেহটো চিনাক্তকৰণ হোৱা নাই ।
Also Read: চিলাপথাৰ অঞ্চলৰ চিলি অসমীয়া গাঁৱত পাহাৰীয়া চিলি নদীৰ ভয়ংকৰ খহনীয়া