চিলাপথাৰ অঞ্চলৰ চিলি অসমীয়া গাঁৱত পাহাৰীয়া চিলি নদীৰ ভয়ংকৰ খহনীয়া

ফলপ্ৰসু প্ৰতিৰোধী আঁচনিৰ অভাৱত নৈখনে চিলি অসমীয়া গাঁৱত দিবা নৈশে অব্যাহত ৰাখিছে প্ৰচণ্ড গৰাখহনীয়া

author-image
Asomiya Pratidin
New Update
চিলাপথাৰ অঞ্চলৰ চিলি অসমীয়া গাঁৱত পাহাৰীয়া চিলি নদীৰ ভয়ংকৰ খহনীয়া

ডিজিটেল সংবাদ,চিলাপথাৰঃ ফলপ্ৰসু প্ৰতিৰোধী আঁচনিৰ অভাৱত নৈখনে চিলি অসমীয়া গাঁৱত দিবা নৈশে অব্যাহত ৰাখিছে প্ৰচণ্ড গৰাখহনীয়া। বিস্তৃৰ্ণ কৃষি ভূমিৰ লগতে ঘৰ বাৰী নৈ সামৰিলে ভয়ংকৰ খহনীয়াই। এইবাৰ কাষৰীয়া ঘৰ বাৰীৰ লগতে বিভিন্ন ফচলৰ বাৰীৰ প্ৰতি প্ৰবল ভাবুকিৰ সৃষ্টি কৰিছে। তদুপৰি এনেদৰে খহনীয়া অব্যাহত থাকিলে নৈয়ে ক্ষতি কৰিব চিলি অসমীয়া,ব্ৰীজ বাৰী,নলবাৰী আদি বহু গাওঁ।

Advertisment

চৰকাৰক বাট চাই অতীষ্ঠ আজি খহনীয়া প্ৰতিৰোধত নামিল চিলি অসমীয়া গাওঁৰ ৰাইজ। হাতে হাতে দা- কুঠাৰলৈ বাঁহ কাঠ গোটাই এনেদৰে ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ বাবে নদীত নামিল স্থানীয় ৰাইজ।

চিলি নদীৰ ষ্পৰ্শকাতৰ অংশত এখন উন্নত আঁচনি ৰুপায়ন কৰি ৰাইজক সুৰক্ষা দিবলৈ বহু অনুনয় বিনয় জনোৱাৰ পিছতো গা ন'লৰে জনপ্ৰতিনিধি কিম্বা সংশ্লিষ্ট বিভাগৰ। কেবল নিৰ্বাচনৰ সময়তহে ৰাইজৰ কাষ চপা সুবিধাবাদী জনপ্ৰতিনিধিক এইবাৰ ভোট খুজিবলৈ আহিলে বাৰুকৈ এশেকা দিব বুলি সকীয়াই দিছে।

Also Read: অনুৰাগ তোমাৰ বাবেই...

erosion