মহানগৰীৰ সাতগাঁওত মৃতদেহ উদ্ধাৰ

মহানগৰীৰ সাতগাঁওত মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্কঃ মহানগৰীৰ সাতগাঁওত মৃতদেহ উদ্ধাৰ। দেওবাৰে পুৱা সাতগাঁও মিলিজুলি পথত উদ্ধাৰ হয় যুৱকৰ মৃতদেহটো। যুৱক জনক হত্যাকৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

আজি পুৱা স্থানীয় ৰাইজে যুৱক জনৰ মৃতদেহ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। তাৰ পাছতে ঘটনাস্থলীত সাতগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

 মৃতদেহটো চুমু আলীৰ বুলি জানিব পৰা গৈছে (২২)। যুৱক জনৰ ঘৰ সাতগাঁওৰ নোৱাপাৰা মছজিদৰ সমীপত। যুৱকজনৰ পৰিয়ালৰলোকে অভিযোগ উত্থাপন কৰিছে যে ইছাদ আলী নামৰ এজন যুৱকে হত্যা কৰিছে চুমুক।

শনিবাৰে নিশাৰ ভাগত ইছাদ আলীয়ে ঘৰৰ পৰা মাতি আনিছিল চুমু আলিক। পৰিত্যক্ত ঠাইত ইচাদ আলীৰ নেতৃত্বত তিনিজনীয়া দুৰ্বৃত্তৰ দলে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।

পূৰ্বতে ড্ৰাগছ সেৱন কৰি মাতৃক প্ৰহাৰ কৰিছিল ইছাদে । মাতৃক প্ৰহাৰ কৰাৰ বাবেই চুমু আলীয়ে প্ৰহাৰ কৰিছিল ইছাদক। এই কাৰণতেই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

মহানগৰীৰ সাতগাঁওত মৃতদেহ উদ্ধাৰ
২০২৬ চনলৈ অসম কংগ্ৰেছত এজনো হিন্দু মানুহ নাথাকিবঃ হিমন্ত বিশ্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in