হাতত কেনুলা, ভৰিত বস্তাৰে বন্ধা অৱস্থাত উদ্ধাৰ মৃতদেহ...

মঙলদৈ চহৰৰ মাজমজিয়াত শনিবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰ হয়। মঙলদৈ চহৰৰ জয়ন্ত হাজৰিকা উদ্যানৰ সমীপত উদ্ধাৰ হয় মৃতদেহটি ।

author-image
Asomiya Pratidin
New Update
হাতত কেনুলা, ভৰিত বস্তাৰে বন্ধা অৱস্থাত উদ্ধাৰ মৃতদেহ...

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈ চহৰৰ মাজমজিয়াত শনিবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰ হয়। মঙলদৈ চহৰৰ জয়ন্ত হাজৰিকা উদ্যানৰ সমীপত উদ্ধাৰ হয় মৃতদেহটি ।

Advertisment

কি কাৰণত মৃত্যু হয় লোকজনৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই। মৃত ব্যক্তি জনৰ হাতত চেলাইন লোৱা কেনুলা থকাৰ লগতে এখন ভৰি বস্তাৰে বন্ধা আছে। মৃতদেহটি এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

ইতিমধ্যে ঘটনাস্থলীত মঙলদৈ আৰক্ষী উপস্থিত হৈ মৃতদেহটি মঙলদৈ অসামৰিক চিকিৎসালয় লৈ নিয়াৰ ব্যৱস্থা কৰে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

আৰু পঢ়ক: কাজিৰঙাৰ মহিলাই তাঁতৰ শালত ৰচিছে আশাৰ সপোন

mangaldai