কাজিৰঙাৰ মহিলাই তাঁতৰ শালত ৰচিছে আশাৰ সপোন

কাজিৰঙাৰ এখন বিশেষ গাওঁ ৷ যিখন গাওঁত পাকঘৰতে সীমাবদ্ধ নাথাকি মহিলাসকলে তাতৰ শালত ৰচিছে আশাৰ সপোন ৷

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ মহিলাই তাঁতৰ শালত ৰচিছে আশাৰ সপোন

ডিজিটেল সংবাদ, কাজিৰঙা: কাজিৰঙাৰ এখন বিশেষ গাওঁ ৷ যিখন গাওঁত পাকঘৰতে সীমাবদ্ধ নাথাকি মহিলাসকলে তাতৰ শালত ৰচিছে আশাৰ সপোন ৷ গাওঁখনৰ অধিকাংশ মহিলাই তাঁতশালত উলিয়াইছে স্বাৱলম্বিতাৰ পথ ৷

Advertisment

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া এই গাঁওখন হৈছে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰণালয়ৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত মহ'পাৰা হস্ততাত আদৰ্শ পৰ্যটন গাঁও।ইতিমধ্যে শিপিনী গাঁও হিচাপে পৰিচিত হৈ পৰিছে গাঁওখন। তাঁতৰ পাটত এখন উন্নত আদৰ্শ গাঁৱৰ সপোন ৰচিছে গাঁৱৰ জীয়াৰী বোৱাৰী সকলে৷ ঘৰৰ দায়িত্বৰ মাজতো তাতশালত ব্যস্ত কাজিৰঙাৰ আদৰ্শ পৰ্যটন গাঁওৰ মহিলাসকল৷

নিজৰ গাঁওখনক আদৰ্শ গাঁও ৰূপে সজাই তোলাৰ লগতে তাঁতশালৰ মাজতে স্বাৱলম্বনৰ পথ বাচি লোৱাৰ পৰিকল্পনাত ব্যস্ত মহিলা সকল ৷ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত উন্নত মানৰ প্ৰশিক্ষণ গ্ৰহন কৰি বয়ন শিল্পত মনোনিৱেশ কৰিছে মহিলা সকলে৷

কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ অসমৰ থলুৱা বস্ত্ৰ তৈয়াৰ কৰাত ব্যস্ত মহিলা সকলৰ আশা যে পৰ্যটকৰ মাধ্যমেৰে অসমৰ বয়ন শিল্পক দেশ বিদেশলৈ প্ৰসাৰ কৰিব পৰা যাব৷তদুপৰি তেওলোকৰ আশা যে এদিন আমদানিকৃত বস্ত্ৰৰ সলনি থলুৱা বস্ত্ৰই বজাৰ দখল কৰিব৷

আৰু পঢ়ক: অ' ডাঙৰীয়া, গীততকৈ আমাৰ সমস্যাবোৰৰ কথাকে কোৱা দুপৰীয়া...

kaziranga