সোণাপুৰৰ কমাৰকুছিত মৃতদেহ উদ্ধাৰ।
মৃতদেহটো ৰ’ণাল্ড পায়েং নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে।
মৃত ৰ’ণাল্ড পায়েং শোণিতপুৰৰ ঢাৰিকুছিৰ বুলি জানিব পৰা গৈছে।
ভাৰতবেঞ্জ শ্ব’ৰূমৰ সমীপৰ গুদামলৈ যোৱা পথত পৰি আছিল মৃতদেহটো।
গুদামলৈ অহা ট্রাকৰ চেপাত লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ স্থানীয় লোকৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।