মায়ঙৰ আশীগৰ পথাৰত উদ্ধাৰ মৃতদেহ...

মায়ঙৰ আশীগৰ পথাৰত উদ্ধাৰ মৃতদেহ...

ডিজিটেল সংবাদ, মায়ং : মায়ঙৰ আশীগৰ পথাৰত উদ্ধাৰ এটি মৃতদেহ । এই মৃতদেহটি উদ্ধাৰ কৰা হৈছে মায়ঙৰ আশীগৰ লেচাৰীবৰী গাৱৰ মাজত থকা পথাৰখনিত । মৃতলোক জনক আৰক্ষীয়ে ইতিমধ্যে মায়ঙৰ বুৰগাৱৰ জগদীশ মণ্ডল বুলি চিনাক্ত কৰিছে ।

উল্লেখ্য যে, নিশাৰ ভাগতেই জগদীশ মণ্ডলৰ মৃত্যু ঘটা বুলি আৰক্ষী নিশ্চিত হোৱাৰ ওপৰিও আন এক তথ্যই এতিয়া সন্দেহৰ আৱৰ্তলৈ লৈ গৈছে সমগ্ৰ ঘটনাটি । মৃতদেহটিৰ মুখেৰে ফেন নিৰ্গত হোৱা বুলি প্ৰত্যক্ষ কৰাৰ পিছত ই হত্যাকাণ্ড নে আত্মহত্যা সেই সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে । কিয়নো স্বাভাৱিক মৃত্যুত নহয় এনে ঘটনা । বিষপানৰ পাৰ্শ্বক্ৰিয়াৰ ফলত সংঘটিত হ'ব পৰা এই মৃত্যুৰ সৈতে জড়িত থাকিব পাৰে আন কোনো লোকো । প্ৰাৰম্ভিক তদন্তত মৃত ব্যক্তি গৰাকীৰ পাৰিবাৰিক কন্দলৰ কথাও জানিব পৰা গৈছে ।

আনহাতে, মৃতদেহটি উদ্ধাৰৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছিল অতিৰিক্ত আৰক্ষী অধীক্ষক তথা মায়ঙৰ দণ্ডাধীশ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in