ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ

ডিজিটেল সংবাদ, লামডিং: লামডিঙত পুনৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ এটাৰ পিছত এটা মৃতদেহ উদ্ধাৰ অথবা হত্যাকাণ্ডৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে এতিয়া লামডিঙত ৷

পূৱ লামডিং গাওঁ পঞ্চায়ত ৬ নং ৱাৰ্ডৰ ৰেলৱে ট্ৰেকৰ সমীপৰ জংঘলত এডাল গছত ৰহস্যজনক ভাৱে ওলমি থকা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ৷ উদ্ধাৰ হোৱা মহিলাগৰাকী সেই অঞ্চলৰে নিৱাসী ৰুমা দে বুলি জানিবলৈ পৰা গৈছে ৷

লামডিঙৰ এটি পানীৰ কোম্পানীত কৰ্মৰত মহিলাগাৰকীয়ে নিজৰ দৈনন্দিন কাম শেষ কৰি ঘৰলৈ ওভতাৰ পথত ঘৰৰ লাগতিয়াল সামগ্ৰী বজাৰো কৰিছিল মহিলাগৰাকীয়ে ৷ কিন্তু হঠাতে ঘৰৰ পৰা প্ৰায় ১-২ কিমি দূৰত্বত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে কৰিছে অঞ্চলটোত ৷

ঘটনাৰ প্ৰকৃত ৰহস্য বৰ্তমানলৈ জানিব পৰা নাই যদিও পৰিয়ালবৰ্গ তথা কৰ্মস্থলীৰ লোকৰ ভাষ্য মতে মহিলাগৰকীক কোনো দুৰ্বৃত্তই হত্যা কৰি ৰহস্যজনকভাৱে গভীৰ অৰণ্যত ওলমাই থৈ গৈছে ৷ লামডিং থানাৰ আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাত তদন্ত আৰম্ভ কৰিছে। প্ৰকৃততে এইয়া হত্যা নে আত্মহত্যা সেইয়া আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা যাব৷

ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ
এছিয়াডত ইতিহাস : পেৰিছ অলিম্পিকলৈ 'লৌহকন্যা' লাভলীনা..

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in