মহানগৰীত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ...

মহানগৰীত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। ছয়মাইলত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে ASEBৰ কমপ্লেক্সত উদ্ধাৰ হয় মৃতদেহটো।

মৃতদেহটো পায়েং উপাধিৰ এজন যুৱকৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। বিদ্যুৎ বিভাগত কৰ্মৰত আছিল যুৱকজন। কাৰ্যালয়টোৰ গাড়ী পাৰ্কিঙৰ কোঠাত উদ্ধাৰ মৃতদেহটো।

কোঠাটোত বিদ্যুৎ বিভাগত কৰ্মৰত দুজন যুৱক আছিল। নিশা লগৰজন যুৱক ওলাই গৈছিল কৰ্তব্যৰ বাবে। ঘটনাস্থলীত CID আৰু ফৰেনচিকৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কেনেদৰে মৃত্যু হ'ল যুৱকজনৰ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

মহানগৰীত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ...
এইবাৰ পুলিচৰ পৰিচয় দি গৰু কাঢ়ি নিলে বিজেপি নেতাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in