এইবাৰ পুলিচৰ পৰিচয় দি গৰু কাঢ়ি নিলে বিজেপি নেতাই...

এইবাৰ বিজেপি নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। ৭ টা গৰু কাঢ়ি নিয়াৰ অভিযোগ বিজেপি নেতা ছুৰুতজামান শেখ বাহিনীৰ বিৰুদ্ধে।

author-image
Asomiya Pratidin
New Update
এইবাৰ পুলিচৰ পৰিচয় দি গৰু কাঢ়ি নিলে বিজেপি নেতাই...

ভুক্তভোগী

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ এইবাৰ বিজেপি নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। ৭ টা গৰু কাঢ়ি নিয়াৰ অভিযোগ বিজেপি নেতা ছুৰুতজামান শেখ বাহিনীৰ বিৰুদ্ধে।

Advertisment

উল্লেখযোগ্য ধুবুৰী জিলাৰ মাজেৰচৰ গাঁৱৰ আখতাৰ হুছেইন, শাহাদত আলী আৰু সন্তেষ আলী নামৰ গো পালক তিনি জনে নিজৰ ৭ টা গৰু গাঁও পঞ্চায়ত আৰু ন্যায়ালয়ৰ অনুমতি লৈ ঘৰৰ পৰা জলেশ্বৰ বজাৰ লৈ বিক্ৰীৰ বাবে লৈ গৈছিল। সেই অৱস্থাত গৰু কেইটা চোৰাং বুলি কাঢ়ি নিয়াৰ অভিযোগ উঠিছে বিজেপি নেতা জনৰ বিৰুদ্ধে।

দক্ষিণ শালমাৰা থানা আৰক্ষীৰ কথা কৈ ছুৰুতজামানে আধা বাটতে গৰু সমূহ বলপূৰ্ব্বক ভাৱে কাঢ়ি নিয়াৰ অভিযোগ তুলিছে গো পালক সকলে ।

ইয়াৰে ১ টা গৰু ক'লা বজাৰত বিক্ৰী কৰি বাকী ৬ টা গৰু দক্ষিণ শালমাৰাৰ বালাডোবাৰ হজৰত আলীৰ ঘৰত জমা ৰখা বুলি জানিব পৰা গৈছে।অভিযোগ মতে, ছুৰুতজামান হৈছে দক্ষিণ শালমাৰা থানাৰ এজন পেছাদাৰী দালাল আৰু বিজেপি কৰ্মী।

উক্ত ঘটনাৰ তদন্ত ক্ৰমে ছুৰুতজামান বাহিনীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ লগতে গৰু সমূহ ঘূৰাই পোৱাৰ দাবীত ভুক্তভোগীয়ে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী অধীক্ষককৰ ওচৰত এজাহাৰ দাখিল কৰিছে। বিজেপি নেতা জন জিলা যুৱ মৰ্চাৰ উপ সভাপতি আছিল ।কিছুদিন পূৰ্বে তেওঁক বিজেপি যুৱ মৰ্চাৰ উপ সভাপতিৰ পদৰ পৰা অব্যাহতি দিয়া হৈছিল তেওঁক।

Also Read: পিতৃৰ লাঠীৰ কোবত প্ৰাণ গ'ল ৪ মহীয়া শিশুৰ...