বেলতলাত উৱলি যোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ...

মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ। শুকুৰবাৰে বেলতলাত বন্ধ কোঠাৰ ভিতৰত উৱলি যোৱাৰ অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।

author-image
Asomiya Pratidin
New Update
বেলতলাত উৱলি যোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ। শুকুৰবাৰে বেলতলাত বন্ধ কোঠাৰ ভিতৰত উৱলি যোৱাৰ অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।

Advertisment

বেলতলা বজাৰৰ সমীপৰ এটা ভাড়া ঘৰত উদ্ধাৰ মৃতদেহটো শ্বহনাবাজ মালিক নামৰ যুৱকজনৰ বুলি চিনাক্ত হৈছে। পিতৃৰ সৈতে ভাড়াঘৰত আছিল শ্বহনাবাজ মালিক।

পিতৃ বিহাৰলৈ যোৱাত ঘৰটোত অকলে আছিল শ্বহনাবাজ। বেলতলা বজাৰৰ এছ চো চাইন নামৰ এখন দোকান চলাই আছিল যুৱকজনে।

ইতিমধ্যে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এয়া হত্যা নে আত্মহত্যা এতিয়াও নিশ্চিত নহয়। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ যো যা কৰিছে। তাৰ পাছতহে মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

Also Read: পৰশুৰাম কুণ্ডত গা ধুবলৈ গৈ একেটা পৰিয়ালৰে ৩ জন নিৰুদ্দেশ

Assam police