পৰশুৰাম কুণ্ডত গা ধুবলৈ গৈ একেটা পৰিয়ালৰে ৩ জন নিৰুদ্দেশ

অৰুণাচল প্রদেশৰ পৰশুৰামকুণ্ডত অঘটন। গা ধুবলৈ গৈ সন্ধানহীন তিনিগৰাকীকৈ লোক

author-image
Asomiya Pratidin
New Update
 পৰশুৰাম কুণ্ডত গা ধুবলৈ গৈ একেটা পৰিয়ালৰে ৩ জন নিৰুদ্দেশ

ডিজিটেল ডেস্কঃ অৰুণাচল প্রদেশৰ পৰশুৰাম কুণ্ডত অঘটন। গা ধুবলৈ গৈ সন্ধানহীন তিনিগৰাকীকৈ লোক। এই তিনিওগৰাকী একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে। শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা।

Advertisment

গা ধুবলৈ গৈ পানীত ডুব যোৱাৰ সন্দেহ কৰা হৈছে। তিনিওগৰাকী তিনিচুকীয়াৰ কাকপথাৰৰ নিৱাসী আছিল। সন্ধানহীন কেইজন মনোজ শ্বাহ আৰু তেওঁৰ পত্নী শুভা দেৱী আৰু শুভা দেৱীৰ মাতৃ।

সন্ধানহীন লোকসকলক বিচাৰি উলিওৱাৰ বাবে বৰ্তমান ঘটনাস্থলীত অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে।

Also Read: 'কামেশ্বৰী সেতু' নামেৰে মালিগাঁও উৰণীয়া সেতু নামাকৰণৰ দাবী...

Parshuram Kund