সৰভোগত সদৌ অসম ভিত্তিক ক্ৰিকেট খেল প্ৰতিযোগিতা

সৰভোগত সদৌ অসম ভিত্তিক ক্ৰিকেট খেল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, সৰভোগঃ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সৰভোগৰ ডেকাৰবড়ী চাৰি দিনীয়া কাৰ্য্যসূচী টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে । পৰিচালনা কমিটিয়ে একেৰাহে চাৰি বছৰ ধৰি অনুষ্ঠিত কৰি আছে সদৌ অসম ভিত্তিত দিবা নৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা ।

সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ মইনবড়ী সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰীয়ে ফিতা কাটি খেল উদ্বোধন কৰে । অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ সকলে খেলখনত অংশগ্ৰহণ কৰিছে বুলি কমিটিয়ে জানিব দিয়ে । প্ৰথম পুৰস্কাৰ এক লাখ পঞ্চাচ হাজাৰ লগতে ট্ৰফি এটা আৰু দ্বিতীয় পুৰস্কাৰ পয়সত্তৰ হাজাৰৰ লগতে ট্ৰফি এটা । দিবা নৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানত অহা ২৭ জানুৱাৰী অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ নানা ধৰণৰ সংগীত পৰিৱেশন কৰি সকলোৰে মন মোহিত কৰিব।

এই অনুষ্ঠানত ৰাইজে যথেষ্ট সহাৰি আগবঢ়োৱা পৰিলক্ষিত হৈছে। পৰিচালনা কমিটিৰ বিষয়ববীয়াসকলে অসমৰ ক্ৰিয়া বিভাগৰ মন্ত্ৰীক এই ক্ৰিকেট খেলখনৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আৰু কিছু আৰ্থিক সাহাৰ্য্য দিবলৈ আহ্বান জনায়।

সৰভোগত সদৌ অসম ভিত্তিক ক্ৰিকেট খেল প্ৰতিযোগিতা
ভাৰতীয় জনতা মজদুৰ সংঘ নগাওঁ জিলাৰ সমিতিৰ সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in