ভক্ত-বৈষ্ণৱৰ সমাহাৰেৰে উদুলি মুদুলি গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ দৌল উৎসৱ

হৰি নামৰ অমৃত ৰসৰ মাজেৰে ৰং ধেমালি কৰি নৃত্য গীতত বিলিন হৈ এক আধ্যাত্মিক পৰিবেশৰ সূচনা কৰে

author-image
Asomiya Pratidin
New Update
ভক্ত-বৈষ্ণৱৰ সমাহাৰেৰে উদুলি মুদুলি গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ দৌল উৎসৱ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাত মহাপুৰুষ গুৰুজনাই কীৰ্তন ঘৰৰ দক্ষিনে সাত বৈকুন্ঠৰ শক্তি স্থাপনৰ উদেশ্যে পঞ্চদশ শতিকাতে সাত থাক কৰি দৌলৰ ভেটি বন্ধাই দৌল উৎসৱ পাতিছিল। তাহানিতে গুৰুজনাই দেখুৱাই যোৱা মহান ঐতিহ্যক সৰোগত কৰি পৰম্পৰাগত ধৰ্মীয় সাংস্কৃতিক ৰীতি নীতিক মূল ভেটি হিচাপে লৈ প্ৰতি বছৰে বটদ্রৱাত মহাআড়ম্বৰপূৰ্ণভাবে দৌল উৎসৱ বা ফাকুৱা উৎসৱ উদযাপন কৰা হয়।

Advertisment

এইবাৰো শ্রীশ্রী বটদ্রৱা ধামত পৰম্পৰাগত ৰীতি নীতিৰে ৬ মাৰ্চৰ পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চলি আছে দৌল উৎসৱ। বুধবাৰে কাৰ্যসূচীৰ তৃতীয় দিনা পুৱা ৪.৩০ বজাত তাল কোবোৱা, মঞ্জিৰা নাম, ৮ বজাত আইসকলৰ নাম প্ৰসঙ্গ, ১১ বজাত খোল প্ৰসঙ্গ, ডেৰপৰীয়া নাম প্ৰসঙ্গ আদি থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও উদযাপিত হয় দৌল উৎসবৰ মূল আকৰ্ষণ গোসাঁইফুৰোৱা উৎসৱ।

আবেলি ২ বজাত গায়ন বায়নে গুৰুঘাট, চাহিনী, ধেমালি গাই, ৰচক তালৰ “বাইৰ হুয়া দেখো সই, এ সুন্দৰ নন্দেৰ বালা”-শীষক গীত গাই গাই চোঁৱৰেৰে বা দি দি ভকত-বৈষ্ণৱে সিংহাসনত বহুৱাই বংশী গোপাল গোসাঁইক কান্ধত লৈ ৰভাতলৰ পৰা উলিয়াই ধুলীয়া, কালিয়া, ছত্ৰ, দণ্ড, চক্ৰ, ভেৰু, কালি, সো-মুখ, শংখৰ ধ্বনি, আইসকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নাম, আয়তী-নামতী, তিৱা, বড়ো, নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ বৰ্ণাঢ্য দৃষ্টিনন্দন সাংস্কৃতিক সমন্বয়ৰ সমাহাৰেৰে ফাকুৰ গুড়ি সিঁচি সিঁচি দৌললৈ যাত্রা কৰে।

দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি ৭পাক পদক্ষিণ কৰোৱা লগতে বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা শত সহস্ৰ ভকত বৈষ্ণৱে ফাকু খেলি হৰি নামৰ অমৃত ৰসৰ মাজেৰে ৰং ধেমালি কৰি নৃত্য গীতত বিলিন হৈ এক আধ্যাত্মিক পৰিবেশৰ সূচনা কৰে। শিশু বৃদ্ধ সকলোৱে আনন্দত আত্মহাৰা হৈ কৃষ্ণ নামৰে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা আকাশ বতাহ মুখৰিত কৰি তোলে। সেই সময়ত গায়ন বায়নে 'ভাই দেখোঁ কমলাপতি দৌলৰ উপৰে' গীত পৰিবেশন কৰে।

Also Read: চিৰাঙৰ টুক্ৰাঝাৰত হস্ততাঁত বয়ন শিল্প কেন্দ্ৰৰ শুভ উদ্বোধন

DOUL JATRA holi