/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b75e26ee-7a93-4c9d-a2c3-670737712715/v2.jpg)
ডিজিটেল সংবাদ, চিৰাং : আজি আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ টুক্ৰাঝাৰৰ বালাপাৰাত হস্ততাঁত বয়ন শিল্প কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয় । বুধবাৰে স্থানীয় এম চি এল এ তথা বি টি চিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু এম চি এল এ মাধব ছেত্ৰীৰ উপস্থিতিত টুক্রাঝাৰ বালিপাৰাৰ হস্ততাঁত বয়ন শিল্প কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োই ।
বেংতল-টুক্ৰাঝাৰ অঞ্চলৰ বয়ন শিল্পৰ সৈতে জড়িত মহিলাসকলক আৰ্থিক দিশত আত্মনিৰ্ভৰ কৰাৰ উদ্দেশ্যেই বি টি আৰ চৰকাৰৰ তৰফৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগুৰ অধীনত উদাংশ্ৰী ক্লাষ্টাৰ আত্মসহায়ক গোটৰ মাজত এই হস্ততাঁত আৰু বয়ন কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয় ।
আজি উদ্বোধন কৰা হস্ততাঁত বয়ন শিল্প কেন্দ্ৰটোত ১৬ টা কৈ যন্ত্ৰ চালিত নতুন তাঁতশালৰ স্থাপন কৰা হৈছে । টুক্ৰাঝাৰৰ এই হস্থতাত বয়ন কেন্দ্ৰটোত কেৱল উৎপাদন নহয় আগলৈ মহিলা, যুৱতীসকলক বয়ন প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰমোদ বড়োই জানিবলৈ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e61e2106-1555-4907-940d-8a8e33a99967/0fbb0e8a_6a27_463f_9e0b_48eedb1ea404.jpg)
Also Read: ঢকুৱাখনা জিলা মহিলা কৰ্মচাৰী সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন