ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ উদ্যোগত দৰঙত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়। জিলা মানসিক স্বাস্থ্য অভিযান, জিলা স্বাস্থ্য সমিতি দৰঙৰ উদ্যোগত আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ দ্বাৰা মঙলদৈ ছোৱালী ডিগ্ৰী মহাবিদ্যালয়ত মঙলবাৰে বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়।
এই দিনটোৰ লগত সংগতি ৰাখি সজাগতা সভা অনুষ্ঠিত কৰা হয়। মনো সমাজসেৱী প্ৰাঞ্জল ঠাকুৰীয়াই আঁত ধৰা সভাত প্ৰথমে জ্যেষ্ঠ চিকিৎসক ও স্বাস্থ্য বিষয়া ডাঃ ৰমেশ চন্দ্ৰ গোস্বামীয়ে বৰ্তমান সময়ত আত্মহত্যাৰ প্ৰৱনতা বৃদ্ধি হোৱাৰ বিভিন্ন কাৰণ সম্পৰ্কে ছাত্ৰী সকলৰ আগত আলোচনা আগবঢ়ায়। লগতে ছাত্ৰী সকলে কেনেকৈ মনোবল তথা মানসিক স্বাস্থ্য অটুত ৰাখি ভৱিষ্যতে আগবাঢ়ি যাব পাৰে তাক ভাষনৰ জৰিয়তে বুজাই দিয়ে।
ইয়াৰ পিছতে মানসিক চিকিৎসক ডাঃ চায়েদ ইনামুল হুচেইনে ভাষন আগবঢ়ায়। তেওঁ কয় যে, প্ৰতি বছৰে ১০ ছেপ্টেম্বৰৰ দিনটোত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়। বৰ্তমান সমগ্র বিশ্বতে প্ৰতিবছৰে প্ৰায় ৮লাখ লোকে আত্মহত্যা কৰে। জনসাধাৰণৰ মাজত তথা সমাজৰ প্ৰত্যেক শ্ৰেণীৰ মানুহৰ মাজতে আত্মহত্যা নামৰ জটিল বিষয়টিৰ সচেতনতা সৃষ্টি কৰাটোৱেই এই দিৱস পালনৰ মূল উদ্দেশ্য।
লগতে কয় যে,আত্মহত্যাও মানসিক ৰোগৰেই প্ৰতিফলন,সেয়েহে ইয়াক ৰোধ কৰিবৰ বাবে জিলা সমূহত মানসিক স্বাস্থ্য আঁচনিৰ যোগেদি মানসিক ৰোগীৰ চিকিৎসা আগবঢ়াই থকা হৈছে। জিলা অসামৰিক চিকিৎসালয় সমূহত মনোচিকিৎসকৰ (Psychiatrist) লগতে মনোবিদ (Clinical Psychologist) ,মনোসামাজিক কৰ্মী (Psychiatric Social Worker) আদিৰ নিযুক্তি দিয়া হৈছে। ইয়াৰোপৰি চৰকাৰে সমগ্র ভাৰতবৰ্ষতে টেলি মানস নামেৰে এটি টোল ফ্ৰী ১৪৪১৬ নম্বৰ ৰাইজৰ মাজত মোকলাই দিছে,যত সকলো স্তৰৰ ব্যক্তিয়ে ফোনতেই পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
ইয়াৰ পিছতে ৰাষ্ট্ৰীয় বাল্য স্বাস্থ্য কাৰ্যসূচীৰ জিলা সমন্বয়ক ৰথিকা কলিতাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য দিশ সমূহ আলোচনা কৰে।যোগ প্ৰশিক্ষক দাদুল দাসে কেনেদৰে যোগৰ দ্বাৰা মানসিক স্বাস্থ্য ভাল কৰি ৰাখিব পাৰি তথা দৈনন্দিন জীৱনত যোগৰ ধনাত্মক দিশ সমূহ সন্দৰ্ভত পৰ্যালোচনা আগবঢ়ায়। শেষত মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰনামিকা শৰ্মাৰ ভাষন তথা মানসিক বিভাগৰ তথ্য সংগ্ৰাহক চাহিদ আলিৰ শলাগৰ শৰাইৰে সভা অন্ত পৰে। ইয়াৰ লগতে সমান্তৰালভাৱে জিলাখনৰ ৪টা স্বাস্থ্যখণ্ডতে আজি এই দিৱস বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয়।