অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত ফণী ভূষণ চৌধুৰীক উষ্ম আদৰণি

এক নতুন যুগৰ সূচনা কৰিব বুলি আশাবাদী অসম গণ পৰিষদ
অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত ফণী ভূষণ চৌধুৰীক উষ্ম আদৰণি

ডিজিটেল ডেস্ক : গুৱাহাটীৰ আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত বুধবাৰে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ পৰা জয়ী হোৱা তথা অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণী ভূষণ চৌধুৰীক আজি দলৰ শীৰ্ষ নেতৃত্বই উষ্ম আদৰণি তথা অভিনন্দন জ্ঞাপন কৰে।

সম্বৰ্ধনা অনুষ্ঠানত আঞ্চলিক দলটোৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আদিৰ লগতে দলৰ উপ সভাপতিসকল, সাধাৰণ সম্পাদক, সম্পাদকসকল উপস্থিত থাকে।

ইয়াৰোপৰি উক্ত অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, বিভিন্ন জিলাৰ বিষয়ববীয়াসকল, ভাতৃ-ভগ্নী পৰিষদসমূহৰ বিষয়ববীয়াসকল আৰু জ্যেষ্ঠ-কনিষ্ঠ সতীৰ্থসকল উপস্থিত থাকে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১৯৮৫ চনৰপৰা অসম বিধানসভাত বঙাইগাঁও বিধানসভা সমষ্টিক ৮ বাৰকৈ প্ৰতিনিধিত্ব কৰিছিল ফণীভূষণ চৌধুৰীয়ে। তেঁও অসমৰ ৰাজনীতিত এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হোৱা বুলি সভাত সমৰ্থকসকলে উল্লেখ কৰে।

সম্বৰ্ধনা অনুষ্ঠানত কেশৱ মহন্তক প্ৰমুখ্য কৰি দলৰ অন্যান্য নেতা-কৰ্মীসকলেও নৱ নিৰ্বাচিত সাংসদগৰাকীক অভিনন্দন জনায়। ফুলাম গামোছা, শৰাই, জাপি, সম্বৰ্ধনা পত্ৰ আদিৰে নৱ নিৰ্বাচিত সাংসদ চৌধুৰীক অভিনন্দন জনায়।

অনুষ্ঠানত উপস্থিত থকা কাৰ্যকৰ্তাসকলে আশা প্ৰকাশ কৰি উল্লেখ কৰে যে চাৰি দশকজোৰা ৰাজনৈতিক অভিজ্ঞতাৰে সমৃদ্ধ ফণীভূষণ চৌধুৰীয়ে লোকসভাৰ মজিয়াত বৰপেটা সংসদীয় সমষ্টি তথা অসমীয়া জাতিৰ কণ্ঠ হৈ থাকিব। লগতে এক নতুন যুগৰ সূচনা কৰিব বুলি অসম গণ পৰিষদ গভীৰ আশাবাদী।

অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত ফণী ভূষণ চৌধুৰীক উষ্ম আদৰণি
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাইজক মাধমাৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in