কাঠফলা মেচিনেৰে ৮ বছৰীয়া শিশুক হত্যা! কণমানি কিশোৰীৰ শিহৰণকাৰী বৰ্ণনা...

কাঠফলা মেচিনেৰে ৮ বছৰীয়া শিশুক হত্যা! কণমানি কিশোৰীৰ শিহৰণকাৰী বৰ্ণনা...
কাঠফলা মেচিনেৰে ৮ বছৰীয়া শিশুক হত্যা! কণমানি কিশোৰীৰ শিহৰণকাৰী বৰ্ণনা...

ডিজিটেল সংবাদ ওৰাংঃ ওদালগুৰিৰ মেধিপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কাঠ কটা মেচিনেৰে এটি ৮ বছৰীয়া কিশোৰক হত্যা কৰাৰ বিস্ফোৰক অভিযোগ। প্ৰত্যক্ষদৰ্শী এটি কণমানি কিশোৰীয়ে আগবাঢ়াইছে শিহৰণকাৰী বৰ্ণনা।

এক শিহৰণকাৰী ঘটনা। কণমানি প্ৰত্যক্ষদৰ্শীৰ বিৱৰণ শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। এই ঘটনা সংঘটিত হৈছে যোৱা দেওবাৰৰ।‌ ওদালগুৰি জিলাৰ সাপমাৰি আৰক্ষী চকীৰ অন্তৰ্গত মেধিপাৰা গাঁৱৰ আজাত আলীৰ ৮ বছৰীয়া পুত্ৰ ৰছিদ আনছাৰিক অবৈধ কাঠ মিলৰ কৰ্মচাৰী মজনু আলীয়ে হত্যা কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে।

কণমানি প্ৰত্যক্ষদৰ্শী আৰু পৰিয়ালৰ বিৱৰণ অনুসৰি, যোৱা দেওবাৰে আজাত আলীৰ ঘৰৰ পিছফালে থকা M/S AKTAR FURNITURE /TIMBER SHOP নামৰ মিলত ৮ বছৰীয়া পুত্ৰ ৰছিদ আনছাৰিয়ে ক্ৰিকেট বেট বনাবলৈ গৈছিল। মিলত কাম কৰি থকা কৰ্মচাৰী মজনু আলীয়ে বিদ্যুৎ চালিত কাঠ কাটাৰ(কৰট) ইচ্ছাকৃতভাৱে কণমানি ল'ৰাজনৰ মূৰত হেচি ধৰাৰ অভিযোগ উত্থাপিত হৈছে।

এই ঘটনা প্ৰত্যক্ষ কৰি ওচৰতে থকা আন এজনী কণমানি ছোৱালীয়ে চিঞৰ-বাখৰ কৰিবলৈ লওতেই ঘটনাস্থলীৰ পৰা পলা‌য়ন কৰে মজনু আলী। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰটিক চিকিৎসালয়লৈ লৈ যাওঁতেই আধা বাটতে মৃত্যু হয়। পিছত আৰক্ষীৰ সহায়ত মৰণোত্তৰ পৰীক্ষা কৰি সোমবাৰে জানাজা সম্পন্ন হয় শিশুটিৰ।

কিন্তু ৰহস্যজনকভাৱে ঘটনাৰ তিনিদিন উকলি যোৱাৰ পিছতো থানাত এজাহাৰ দাখিল হোৱা নাছিল। একাংশ দালাল আৰু অবৈধ কাঠকটা মিলৰ মালিক মইনুল হকে মেনেজৰ চেষ্টা চলায় পৰিয়ালক।

অৱশেষত বুধবাৰে ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাৰ পিছত হত্যাৰ অভিযুক্ত মজনু আলী, মিলৰ মালিক মইনুল হক আৰু মাৰফত আলীৰ বিৰুদ্ধে এজাহাৰ লিখি থানালৈ গৈ নাপাওঁতেই ৰহস্যজনকভাৱে এজাহাৰৰ পৰা মইনুল হক আৰু মাৰফতৰ নাম নোহোৱা হৈ পৰে।

পূৰ্বে লিখা এজাহাৰ
পূৰ্বে লিখা এজাহাৰ
দালালৰ হেঁচাত দিয়া এজাহাৰ
দালালৰ হেঁচাত দিয়া এজাহাৰ

অভিযোগ অনুসৰি একাংশ দালালৰ হেঁচাত আধবাটতে এজাহাৰ সলনি হোৱাৰ সন্দেহ। ইফালে সমগ্ৰ বিষয়টো তদন্ত কৰি দুখীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে পৰিয়ালৰ।ইফালে ওদালগুৰি জিলা বনবিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ গাঁৱত এইদৰে কাঠফুলাৰ দৰে গঢ়ি‌ উঠিছে ঘাতকৰূপী অবৈধ কাঠফলা মিল।

প্ৰশ্ন হয়, এইদৰে প্ৰকাণ্ড-প্ৰকাণ্ড পাহাৰীয়া মূল্যবান গছ কাটি তহিলং কৰি আজবাৱ বনোৱাৰ অনুমতি আছে নে M/S AKTAR FURNITURE /TIMBER SHOP নামৰ প্ৰতিষ্ঠানটোৰ? বন বিভাগৰ নীতি নিয়মক অংগুষ্ঠ প্ৰৰ্দশন কৰি কিদৰে চলাই আছে এই অবৈধ কাঠফলা মিল?

নে বন বিভাগৰ কোনো বিষয়াক মেনেজ কৰি এনেদৰে ঘাতক ৰূপী কাঠফলা মিল চলিছে? উত্তৰ আছে নে ওদালগুৰি বন বিভাগ তথা মাজবাট আঞ্চলিক বন সংমণ্ডলৰ?

কাঠফলা মেচিনেৰে ৮ বছৰীয়া শিশুক হত্যা! কণমানি কিশোৰীৰ শিহৰণকাৰী বৰ্ণনা...
বৰপথাৰৰ লতাজুৰি নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰী আৰক্ষীৰ জালত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in