শৌচাগাৰৰ টেংকীৰ ভিতৰত উদ্ধাৰ মহিলাৰ মৃতদেহ

শৌচাগাৰৰ টেংকীৰ ভিতৰত উদ্ধাৰ মহিলাৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্ক : দৰং জিলাৰ ছিপাঝাৰত সংঘটিত এক জঘন্য কাণ্ডই লজ্জানত কৰিছে অঞ্চলবাসীক। ছিপাঝাৰৰ বানেইকুছিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। শৌচাগাৰৰ টেংকীৰ ভিতৰত উদ্ধাৰ হৈছে মহিলাৰ মৃতদেহ।

Advertisment

অৱশ্যে মৃতদেহটো এই পৰ্যন্ত চিনাক্ত হোৱা নাই। ইফালে কেনেকৈ,কি কাৰণত মহিলাগৰাকীৰ মৃত্যু হ'ল সেই সম্পৰ্কেও সবিশেষ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ তদন্তৰ পিছতেহে ঘটনা সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ছিপাঝাৰত সংঘটিত এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Also Read: গোৱালপাৰাৰ বগুৱানত নিশা পথ দুৰ্ঘটনা : থিতাতে দুজন নিহত

crime sipajhar darrang police Assam police