কোন হ'ব দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী...

কোন হ'ব দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী...

author-image
Asomiya Pratidin
New Update
কোন হ'ব দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী...

ডিজিটেল সংবাদ,‌মঙলদৈ : দৰং জিলাৰ বিজেপিৰ কাৰ্য্যালয়ত মঙলবাৰে প্ৰাৰ্থিত্ব সম্পৰ্কীয় মতামত গ্ৰহণ কৰে দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । জিলাখনৰ ১২ টা মণ্ডল আৰু ৮ টা মৰ্চাৰ উপৰি জিলা বিষয়ববীয়া আৰু জিলা কৰ্ণধাৰ সমিতিৰ সদস্যসকলৰ মতামত গ্ৰহণ কৰে মন্ত্ৰী পাটোৱাৰীয়ে।

Advertisment

উল্লেখযোগ্য যে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত চাৰিওখন জিলাৰেই মতামত গ্ৰহণ কৰি নিশাৰ ভাগত ৰাজ্যিক সভাপতিৰ হাতত মতামতসমূহ জমা দিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই মতামত লৈ বুধবাৰে ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰী দিল্লী উৰা মাৰিব। মতামত গ্ৰহণ কাৰ্যসূচীত উপস্থিত থাকে ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী আৰু মীন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস।

বিশেষ সূত্ৰমতে ২০২৪ৰ লোকসভা নিৰ্বাচনত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থীৰ তালিকাত বৰ্তমানৰ সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, প্ৰাক্তন সাংসদ ৰমেন ডেকা আৰু যুৱ নেতা প্ৰনৱ নাৰায়ণ দেৱৰ নাম সন্নিৱিষ্ট হোৱা বুলি জানিব পৰা গৈছে।

Also Read: ৰঙিয়াৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী কলেজত নেহৰু যুৱ কেন্দ্ৰৰ যুৱ সংসদ অনুষ্ঠান

udalguri loksabha election MANGADAI Chandra Mohan Patowary