/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/50394cef-836f-47b3-8197-428e551d279b/337.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিজয়া দশমী উপলক্ষ্যে মঙলদৈতো প্ৰতিমা বিসৰ্জন আৰু ৰাৱণ দাহ পৰ্ব অনুষ্ঠিত কৰা হয়। মঙলদৈ চহৰৰ প্ৰায় ৩০ খন দুৰ্গা পূজা সমিতিৰ উপৰি দাঁতি-কাষৰীয়া অঞ্চলৰ পৰা অনা প্ৰায় অৰ্ধশতাধিক দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন দিয়ে মঙলদৈ নদীৰ বিসৰ্জন ঘাটত ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/59fdc33a-2932-4ac8-a8b2-4f1918437a4f/9cf4576c_9949_4507_a2ae_a88385740109.jpg)
জিলা প্ৰশাসনে বিসৰ্জন ঘাট সজাই পৰাই তুলিছে। নিৰাপত্তা দিশৰ পৰাও সতৰ্ক হৈ আছে জিলা প্ৰশাসন। দেৱী দুৰ্গাৰ বিসৰ্জনৰ পিছতে বিসৰ্জন ঘাটত গান্ধী ধাম দুৰ্গা পূজা সমিতিয়ে ৰাৱণ দাহ কাৰ্যসূচী ৰূপায়ন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f65a284b-ad11-4645-9d2b-d60f452393ad/fe0cab68_dd2f_4d3d_b0dc_0f83847112cb.jpg)
প্ৰায় ৫০ ফুট ওখ ৰাৱণৰ মূৰ্তি দাহ কৰে গান্ধী ধাম দুৰ্গা পূজা সমিতিয়ে। এই ৰাৱণ দাহ কাৰ্যসূচীত প্ৰায় ২০ হাজাৰতকৈও অধিক লোকৰ সমাগম হয়। ৰাতি ৮-০০ মান বজালৈ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী চলিব বুলি জিলা প্ৰশাসনে উল্লেখ কৰে।