মঙলদৈত গৰু ভৰ্ত্তি বাহন উদ্ধাৰ

মঙলদৈত গৰু ভৰ্ত্তি বাহন উদ্ধাৰ

ডিজিটেল সংবাদ,‌ মঙলদৈ: দেওবাৰে মেনাপাৰাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে এখন চোৰাং গৰু ভৰ্ত্তি ট্ৰাক। মেনাপাৰা পেট্ৰল ডিপুৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত ড্ৰাইভাৰ, হেণ্ডিমেন বিহীনভাৱে ৰৈ থকা অৱস্থাত গৰু ভৰ্তি ট্ৰাকখন প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

অবিভাৱকহীন গৰু ভৰ্ত্তি ট্ৰাকখন পথৰ সমীপত ৰৈ থকাত ৰাইজৰ সন্দেহ ওপজে। আৰু ৰাইজে লগে লগে খবৰ দিয়ে আৰক্ষীক। খবৰ পোৱাৰ পাছতে ধূলা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। গৰুভৰ্ত্তি ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ এ এচ -০২ এ চি ৮৮৪৬। লগতে পঞ্জীয়ন নম্বৰ এ এচ ১৩-এ চি ৩২৫০ৰ বলেৰো পিক আপ বাহন এখনো জব্দ কৰে আৰক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে গৰুভৰ্তি ট্ৰাকখন ধূলা থানালৈ লৈ যোৱাৰ লগতে বলেৰো পিক আপ বাহনখনৰ চালক গৰাকীকো সোধা পোছাৰ বাবে থানালৈ লৈ যায়। কোনে কি উদ্দেশ্যৰে গৰুসমূহ কৰ পৰা কলৈ আনিছিল, কিয় আধাবাটতে এৰি থৈ গল সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।

মঙলদৈত গৰু ভৰ্ত্তি বাহন উদ্ধাৰ
চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবেই চৰকাৰী বিষয়াক ডিঙি কাটি হত্যা চালকৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in