নগৰবাহীত পবিত্ৰ উৰুছ মোবাৰক প্ৰস্তুতি

নগৰবাহীত পবিত্ৰ উৰুছ মোবাৰক প্ৰস্তুতি

ডিজিটেল সংবাদ,মঙলদৈঃ নগৰবাহীত পবিত্ৰ উৰুছ মোবাৰক প্ৰস্তুতি। হজৰত চাহ চুফী আলহাজ মৌলানা মহম্মদ হুছেইন (ৰ:) চাহাবৰ ৪১ তম পবিত্ৰ উৰুছ মোবাৰক খনি নগৰবাহী কৰিমিয়া ঈদগাহ ময়দানত অহা ৬ আৰু ৭ ফেব্ৰুৱাৰী ২০২৪ মঙলবাৰ আৰু বুধবাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ।

ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। প্ৰায় আঠ লক্ষ্যধিক টকাৰে অতিথি আপ্যয়ন কৰিব লগা উৰুছত তিনি লক্ষাধিক অতিথিক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতি ।

দুয়োদিনৰ কাৰ্য্সূচীত সকলো ধৰ্মাৱলম্বী লোকৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি গোলাম ইণ্টাজুল চৌধুৰী, সম্পাদক আইনুল হক চৌধুৰী আৰু প্ৰচাৰ সম্পাদক ইজাজুল হকে ।

নগৰবাহীত পবিত্ৰ উৰুছ মোবাৰক প্ৰস্তুতি
বিজেপিৰ আমন্ত্ৰণ স্বীকাৰ কৰিব নেকি কেজৰিৱালে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in