/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9f61722e-1753-47f6-8576-3e219c460d11/AP_FOR_WEB_dead_body.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙৰ লক্ষীপুৰত অঘটন । দৰঙৰ লক্ষীপুৰত উদ্ধাৰ হৈছে এটি মৃতদেহ। শুকুৰবাৰে গধুলি পুখুৰীত উদ্ধাৰ এগৰাকী অচিনাক্ত পুৰুষৰ মৃতদেহ ৷ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো ।
স্থানীয় লোকে চাইকেলসহ চেণ্ডেল এযোৰ পুখুৰী এটাৰ পাৰত প্ৰত্যক্ষ কৰে । পুখুৰীৰ পাৰত এইদৰে চাইকেল, চেণ্ডেল প্ৰত্যক্ষ কৰাত ৰাইজৰ সন্দেহ উপজে । ৰাইজে বিচাৰ-খোচাৰ কৰোতে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ।এয়া দুৰ্ঘটনা নে হত্যা সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই ৷
Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ চেলেংগুৰিত উত্তাল প্ৰতিবাদ...