উত্তৰ মঙলদৈ সাৰ্বজনীন দুৰ্গা মণ্ডপত চুৰিকাণ্ড

উত্তৰ মঙলদৈ সাৰ্বজনীন দুৰ্গা মণ্ডপত চুৰিকাণ্ড

author-image
Asomiya Pratidin
New Update
উত্তৰ মঙলদৈ সাৰ্বজনীন দুৰ্গা মণ্ডপত চুৰিকাণ্ড

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ উত্তৰ মঙলদৈ সাৰ্বজনীন দুৰ্গা মণ্ডপত মঙলবাৰে এক চুৰিকাণ্ড সংঘটিত হয়। দশমীৰ পূজা শেষ হোৱাৰ পিছতে পূজা মণ্ডপত দুজন চোৰে সংঘটিত কৰে চুৰি কাণ্ড।

Advertisment

পূজা মণ্ডপত থকা কাঁহৰ বঁটা, ঘটিৰ লগতে বিভিন্ন মূল্যবান সামগ্ৰী চোৰ কৰে চোৰ দুজনে। পূজা কমিটিৰ তৎপৰতাত আটক কৰা হয় দুয়োজন চোৰক। দুয়োজন চোৰকে আৰক্ষীৰ হাতত গতাই দিয়ে সমিতিৰ লোকে ৷

চোৰ দুজন নগৰবাঁহী কানাইচুবাৰ আলটাফ হুচেইন আৰু চাৰিফুল বুলি চিনাক্ত কৰা হৈছে। দুয়োজন চোৰৰ পৰাই আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছ জাতীয় দ্ৰব্য, ভাং আৰু চিৰিঞ্জ।

Also Read: নৃশংস : ৮বাৰকৈ ট্ৰেক্টৰেৰে মহটিয়াই হত্যা কৰিলে ভাতৃক

assampolice