দুস্কৃতিকাৰীয়ে জ্বলাই দিলে চপাই থোৱা ধান

দুস্কৃতিকাৰীয়ে জ্বলাই দিলে চপাই থোৱা ধান

author-image
Asomiya Pratidin
New Update
দুস্কৃতিকাৰীয়ে জ্বলাই দিলে চপাই থোৱা ধান

ডিজিটেল সংবাদ,মঙলদৈ : দৰঙৰ পদোঘাটত সংঘটিত ভয়ঙ্কৰ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুস্কৃতিকাৰীয়ে জ্বলাই দিলে চপাই থোৱা ধান। দৰং জিলাৰ পশ্চিম পদোঘাট শ্যামটিলা গাঁৱত ৪ বিঘাতকৈয়ো অধিক সোণালী পকা ধান কোনো অচিনাক্ত লোকে জ্বলাই দিয়ে ।

Advertisment

কলাইগাঁও সমষ্টিৰ অন্তৰ্গত পানবাৰী উপ আৰক্ষী চকীৰ অধীনত চোনিয়া দেবীৰ খেতি পথাৰত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি পকা ধান জ্বলি থকা সময়তো স্থানীয় একাংশ লোক উপস্থিত আছিল যদিও সহায় নকৰিলে অসহায় পৰিয়ালটোক।

স্থানীয় একাংশই জনোৱা অনুসৰি দৰং জিলাৰ পশ্চিম পদোঘাট শ্যামটিলা গাঁৱত পূৰ্বতে আছিল শতাধিক হিন্দু পৰিয়াল। নিৰাপত্তাজনিত কাৰণত এঘৰ-এঘৰ কৈ সকলো পৰিয়াল গাওঁ এৰি গুছি গৈছিল।

বৰ্তমান মাত্ৰ এটা পৰিয়াল বসবাস কৰি আছে সেই গাঁৱখনত। ইতিমধ্যে পৰিয়ালটো দুৰ্দশাৰ খা-খবৰ ল'বলৈ গৈছে বিশ্ব হিন্দু পৰিষদ, দৰং জিলা সমিতি। ইতিমধ্যে পৰিয়ালৰ লোকে এজাহাৰ দৰঙৰ পানবাৰী থানাত দাখিল কৰিছে।

Also Read: শংকৰদেৱ একাডেমী নলবাৰীত গ্ৰন্থমেলা আৰম্ভ

mangaldoi police agriculture department