প্ৰচণ্ড গৰমঃ দৰং জিলা শিক্ষা বিভাগে সলনি কৰিছে পাঠদানৰ সময়...

প্ৰচণ্ড গৰমঃ দৰং জিলা শিক্ষা বিভাগে সলনি কৰিছে পাঠদানৰ সময়...

ডিজিটেল সংবাদ, মঙলদৈঃ বিগত কিছুদিন ধৰি ৰাজ্যখনত প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহ চলি আছে। শনিবাৰে গুৱাহাটী মহানগৰীত তাপমাত্ৰা ৪০ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছে । ৰাজ্যজুৰি প্ৰচণ্ড তাপমাত্ৰা হৈ থকাৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীসকলে পাঠগ্ৰহণ কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে।

এনে পৰিস্থিতিৰ মাজতে দৰং জিলা শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়ৰ কিছু সালসলনি কৰিছে। সম্প্ৰতি চলি থকা প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহৰ বাবে দৰং জিলাৰ শিক্ষা বিভাগৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়ৰ সালসলনি কৰিছে।

সেই অনুসৰি জিলাখনৰ শিক্ষা বিভাগৰ অধীনৰ সকলো প্ৰাথমিক বিদ্যালয়ৰ পাঠদান ৰাতিপুৱা ৭-৩০ বজাৰ পৰা ১১-৩০ বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান ৰাতিপুৱা ৭-৩০ বজাৰ পৰা ১২ বজালৈ আৰু উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় ৰাতিপুৱা ৭-৩০ বজাৰ পৰা ১২-৩০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। জিলা সৰ্বশিক্ষা মিছন সমন্বয়ক স্বাক্ষৰিত এই আদেশ অহা ২৭ মে'ৰ পৰা কাৰ্যকৰী হব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

প্ৰচণ্ড গৰমঃ দৰং জিলা শিক্ষা বিভাগে সলনি কৰিছে পাঠদানৰ সময়...
ৰাজকোটৰ টি আৰ পি গেম জ'নত অগ্নিকাণ্ডৰ ঘটনা : শিশুসহ ২৪জনৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in