ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষকৰ ঘৰত আয়ুক্তই প্ৰদান কৰিলে মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা পত্ৰ

ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষকৰ ঘৰত আয়ুক্তই প্ৰদান কৰিলে মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা পত্ৰ

ডিজিটেল সংবাদ,‌ মঙলদৈঃ শিক্ষক দিৱস উপলক্ষে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মঙলবাৰে ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষকৰ ঘৰে ঘৰে গৈ কৰা হ'ব সম্বৰ্ধনা পত্ৰ। সেই উপলক্ষে দৰং জিলাৰ মঙলদৈতো দৰঙৰ আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত অৱসৰী শিক্ষক যতীন ভট্টক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে ২০১৭ চনতেই ৰাজ্যিক শিক্ষকৰ বঁটা প্ৰাপক ভট্টক মঙলদৈৰ শান্তিপুৰৰ নিজা বাসগৃহত এই সম্বৰ্ধনা প্ৰদান কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে অৱসৰী শিক্ষকগৰাকী। আয়ুক্তগৰাকীয়েই জনোৱা মতে জিলাখনৰ ২৮ গৰাকী ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত অৱসৰী শিক্ষকক ঘৰে ঘৰে গৈ এই সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব।

ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষকৰ ঘৰত আয়ুক্তই প্ৰদান কৰিলে মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা পত্ৰ
লামডিং অসামৰিক চিকিৎসালয়ত অঘটনঃ ৰোগীৰ স্বাস্থ্যক লৈ হেতালি খেলাৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in