/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8be30508-23ca-4c4a-9ba2-9110cdfceb09/darrang.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ স্বাস্থ্য সেৱা উৎসৱ কনক্লেভ, দৰং জিলাই 'কায়কল্প' শিতানত লাভ কৰিলে প্ৰথম স্থান। দৰং জিলাৰ স্বাস্থ্য বিভাগে যোৱা বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত স্বাস্থ্য সেৱা উৎসৱ কনক্লেভত কায়কল্প শিতানত প্ৰথম স্থান লাভ কৰে । ইয়াৰ উপৰিও জিলাখনৰ স্বাস্থ্য বিভাগে স্বাস্থ্য সেৱা উৎসৱ কনক্লেভত আন দুটা শিতানতো বঁটা অৰ্জন কৰিবলৈ সক্ষম হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9840d111-245d-47cb-ad9f-d91c182ac7fb/bd69f295_f933_4c6b_9ae0_d64141400823.jpg)
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা দৰং জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গোপাল শৰ্মা, জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নিৰ্মল কুমাৰ বেৰীয়া, জিলা প্ৰকল্প বিষয়া নয়না পৰাশৰে এই বঁটা গ্ৰহণ কৰে । এই বঁটাৰ অংশ হিচাপে জিলাখনৰ স্বাস্থ্য বিভাগে ৫৭ লাখ টকা লাভ কৰে । দৰং জিলাৰ উপায়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেও এই অনুষ্ঠানত উপস্থিত আছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/72e4336b-64d5-43da-b921-0430bc79b8b1/83785562_86e6_47ef_9a01_1cc93aea7b48.jpg)
এই বঁটা প্ৰদান অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোচা, বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অসম চৰকাৰৰ মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ, ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব ডাঃ পি অশোক বাবু, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/65b5f833-7c2c-46bc-a887-dd89aa580b84/c1c9269e_50a7_4cf2_aeab_df547d2fba4d.jpg)
উল্লেখ্য যে ইয়াৰ পূৰ্বে দৰং জিলাৰ জিলা পৰ্যায়ৰ পৰা প্ৰাথমিক পৰ্যায়লৈকে ৪২ খন চৰকাৰী চিকিৎসালয়ক সামৰি চিকিৎসালয়সমূহৰ আন্তঃগাঠনিগত সা-সুবিধা, চিকিৎসা সেৱাৰ গুণগত মান, অভাৱ-প্ৰয়োজনীয়তা আদি দিশসমূহৰ নিৰপেক্ষ তথা বাস্তৱিক মূল্যায়নৰ বাবে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰা হৈছিল । জিলাখনৰ ৭ খন চিকিৎসালয়ে 'এ' গ্ৰেড লাভ কৰিছিল ।
Also Read: লখিমপুৰত ডিমেনচিয়া আৰু এলজাইমাৰ ৰোগৰ সজাগতা সভা...