লখিমপুৰত ডিমেনচিয়া আৰু এলজাইমাৰ ৰোগৰ সজাগতা সভা...

"বিয়লি"ৰ উদ্যোগত ডিমেনচিয়া আৰু এলজাইমাৰ ৰোগৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
লখিমপুৰত ডিমেনচিয়া আৰু এলজাইমাৰ ৰোগৰ সজাগতা সভা...

ডিজিটেল সংবাদ লখিমপুৰঃ লখিমপুৰৰ বয়োজ্যেষ্ঠ লোকৰ পৰিচৰ্যাৰ অনুষ্ঠান "বিয়লি"ৰ উদ্যোগত ডিমেনচিয়া আৰু এলজাইমাৰ ৰোগৰ ওপৰত বৃহস্পতিবাৰে এক সজাগতা সভা অনুষ্ঠিত হয় ৷ তীৰ্থেশ্বৰ হাজৰিকা স্মাৰক “বিয়লি” ট্ৰাষ্টৰ উদ্যোগত এই সজাগতা সভা আৰু শিবিৰ লখিমপুৰৰ জ্যেষ্ঠ বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতিত সম্পন্ন হয় ৷ বয়স বঢ়াৰ লগে লগে অজানিতে বহুলোক এলজাইমাৰ আৰু ডিমেনচিয়াৰ চিকাৰ হয় ৷

Advertisment

এই ৰোগৰ পৰা পৰিত্ৰানৰ উপায় কি আৰু কেনেকৈ সজাগ হ’ব তাৰ ওপৰত বিশদ বৰ্ণনা আগবঢ়াই চিকিৎসকসকলে ৷ “বিয়লি” পৰিচালন ট্ৰাষ্টি বিৰিঞ্চি প্ৰসন্ন হাজৰিকাই সমন্বয়ক হিচাবে থাকি এই দুবিধ ৰোগৰ ওপৰত প্ৰতিবছৰে সজাগতাৰ সৃষ্টি কৰি আহিছে ৷ এইবাৰ মুঠ ২৪ গৰাকী বয়োজ্যেষ্ঠ লোকক ডিমেনচিয়া আৰু এলজাইমাৰৰ বিষয়ে সজাগ কৰা হয় ৷

Also Read: পোন প্ৰথমবাৰৰ বাবে বিদেশৰ মাটিত আইআইটি স্থাপনৰ সিদ্ধান্ত কেন্দ্ৰৰ...

Dementia Alzheimer