হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত ৰঙিয়াত দুৰ্গাদাস বড়োৰ নিৰ্বাচনী প্ৰচাৰ...

হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত ৰঙিয়াত দুৰ্গাদাস বড়োৰ নিৰ্বাচনী প্ৰচাৰ...

ভুৱা অৰুণোদয় আচঁনিৰ প্ৰ-পত্ৰ বিক্ৰী কৰি সংখ্যা বঢ়াই বিজেপিক ভোট দিবলৈ এক প্ৰচেষ্টা অব্যাহত ৰাখিছে : দুৰ্গাদাস বড়ো

ডিজিটেল সংবাদ,ৰঙিয়াঃ বিজেপিৰ কৰ্মকৰ্তাসকলে ভুৱা প্ৰচাৰ চলাই আছে। বিজেপিৰ কৰ্মকৰ্তাসকলে গাঁৱে গাঁৱে ভিচিডিচিৰ জৰিয়তে টেবুল লৈ ভুৱা অৰুণোদয় আচঁনিৰ প্ৰ-পত্ৰ বিক্ৰী কৰি সংখ্যা বঢ়াই বিজেপিক ভোট দিবলৈ এক প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰ পৰিণতিত ইতিমধ্যে প্ৰিজাইডিং অফিচাৰসকলে ফ্লায়িং স্কোৱাডৰ জৰিয়তে এয়া বন্ধ কৰিছে। এই অভিযোগ দৰং ওদালগুৰি সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ।

বৃহস্পতিবাৰে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া বিধানসভা সমষ্টিৰ কলমণিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োৱে। তেঁও কয়- বিপিএফ দল আঞ্চলিক দল হিচাপে দৰং ওদালগুৰি জিলাত যথেষ্ট ভোট লাভ কৰিম । আনহাতে শাসকীয় দলটোৰ ভিতৰচৰাত ২ লাখ কৰ্মীৰ মাজত প্ৰচণ্ড বিৰোধিতা দেখা পোৱা গৈছে । তদুপৰি ২০ বছৰ শাসন কৰা বিজেপিয়ে অভাৰ কনফিডেণ্ট হৈয়ে কেইবাখনো আসনত হাৰিব বুলি দুৰ্গা দাস বড়োৱে জনায়।

ইফালে ৰঙিয়াৰ চেপ্তিত বিপিএফ দলৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে আৰু তাৰ পিছতেই ধুহিৰ এখন নিৰ্বাচনী সভাত প্ৰাৰ্থী দুৰ্গা দাস বড়োৱে অংশগ্ৰহণ কৰে । সভাত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

আনহাতে উক্ত সভাত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰী, প্ৰাক্তন এম চি এল এ মহেশ্বৰ বসুমতাৰীৰ উপৰিও বিপিএফ কৰ্মীসকলে।

হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত ৰঙিয়াত দুৰ্গাদাস বড়োৰ নিৰ্বাচনী প্ৰচাৰ...
বৰনগৰ ব’হাগী উৎসৱৰ স্মৃতিগ্ৰন্থ "বৰতি" উন্মোচন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in