দলগাঁৱত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তি উন্মোচন...

দৰং জিলাৰ দলগাঁৱত অৱস্থিত ডায়েটৰ অধ্যক্ষৰ প্ৰশংসনীয় পদক্ষেপ ৷ অৱসৰ গ্ৰহণ কৰাৰ এদিনৰ পূৰ্বে অধ্যক্ষ দেবেন্দ্ৰ কুমাৰ কলিতাই প্ৰতিষ্ঠা কৰিলে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তি ৷

author-image
Asomiya Pratidin
New Update
দলগাঁৱত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তি উন্মোচন...

ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তি উন্মোচন

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ দলগাঁৱত অৱস্থিত ডায়েটৰ অধ্যক্ষৰ প্ৰশংসনীয় পদক্ষেপ ৷ অৱসৰ গ্ৰহণ কৰাৰ এদিনৰ পূৰ্বে অধ্যক্ষ দেবেন্দ্ৰ কুমাৰ কলিতাই প্ৰতিষ্ঠা কৰিলে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তি ৷

Advertisment

অধ্যক্ষৰ কথাত সহাৰি জনাই মঙলদৈৰ শিল্পী হিতেশ হাজৰিকাৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিল ড° ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তি ৷ ১ মাহৰো কম সময়ৰ ভিতৰতেই শিল্পীগৰাকীয়ে নিজে শ্ৰম দান কৰি উলিয়ালে প্ৰতিমূৰ্তিটো ৷ ৩৫ হাজাৰ টকীয়া প্ৰতিমূৰ্তিটো প্ৰতিষ্ঠানটোলৈ বিনামূলীয়াকৈ উপহাৰ দিয়াৰ বাবে শিল্পী গৰাকীক মানপত্ৰৰ লগতে ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়৷

শিল্পী হিতেশ হাজৰিকাই ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ,দেওমৰনৈ মহাবিদ্যালয় আদিকে ধৰি বহু কেইটা প্ৰতিমূৰ্ত্তি নিজ হাতে তৈয়াৰ কৰি দান কৰি আহিছে । বৃহস্পতিবাৰে দৰং জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েট, দলগাঁৱত দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চমীৰ চৌধুৰী, দলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে গণ্যমান্য ব্যক্তিসকলৰ লগতে ছাত্ৰছাত্ৰী সকলৰ উপস্থিতিত আজি আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয় ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তি টো৷

প্ৰতিমূৰ্তি টো আনুষ্ঠানিক ভাবে উন্মোচন কৰে দলগাঁও ডায়েটৰ অধ্যক্ষ দেবেন্দ্ৰ কুমাৰ কলিতাই ৷

কলিতাৰ এনে প্ৰশংসনীয় পদক্ষেপক শলাগ লৈছে প্ৰতিষ্ঠানটোৰ সকলো কৰ্মচাৰীৰ লগতে ছাত্ৰছাত্ৰী সকলে৷

Also Read: বিজেপিয়ে নহয়, চিবিআইক ব্যৱহাৰ কৰিছিল ইউপিএ চৰকাৰে-অমৃত শ্বাহ...