সমাজসেৱী ভাৰত চন্দ্ৰ ডেকাৰ বিয়োগ

সমাজসেৱী ভাৰত চন্দ্ৰ ডেকাৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
সমাজসেৱী ভাৰত চন্দ্ৰ ডেকাৰ বিয়োগ

ডিজিটেল সংবাদ,মঙলদৈ : দৰং জিলাৰ ৰামহৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰমপুৰ গাঁও নিবাসী বিশিষ্ট সমাজসেৱী, ধর্মপ্রাণ লোক ভাৰত চন্দ্ৰ ডেকাৰ দেওবাৰে নিশা নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সমায়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।

Advertisment

পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে, তেওঁ দুৰাৰোগ্য ৰোগত ভুগি ঘৰতে চিকিৎসাধীন অৱস্থাত আছিল। উল্লেখ্য যে বৰমপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, সৰু ঔতলা উচ্চ ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ভাৰত চন্দ্ৰ ডেকা অঞ্চলটোৰ বিভিন্ন সামাজিক আৰু ধর্মীয় অনুষ্ঠানৰ সৈতে ওতপ্রোতভাবে জড়িত আছিল।

তেওঁৰ বিয়োগত বিবিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে। বৰমপুৰ সত্ৰ, বৰমপুৰ কেন্দ্ৰীয় কীৰ্তন ঘৰ, বৰমপুৰ অৰুণোদয় সংঘ, বৰমপুৰ প্ৰাথমিক বিদ্যালয়, সৰু ঔতলা উচ্চ মাধ্যমিক বিদ্যালয়, সৰু ঔতলা আঞ্চলিক কোচ ৰাজবংশী সম্মিলনীকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, দল-সংগঠন আৰু বিশিষ্ট নাগৰিকে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ ৩জন পুত্র, বোৱাৰী আৰু নাতি- নাতিনীয়েকসহ আত্মীয়-কুটুম্ব তথা গুণমুগ্ধক এৰি থৈ যায়।

Also Read: তামুলপুৰত অবৈধ কাঠফলা কলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

social activist mangaldai