/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a39257a6-7280-4fbb-9519-40e39c44bc8f/34.jpg)
ডিজিটেল সংবাদ,তামুলপুৰ : তামুলপুৰত মঙলবাৰে বন বিভাগে অবৈধ কাঠফলা কলৰ বিৰুদ্ধে অভিযান চলায় ৷ এই অভিযানত কাউৰবাহাত ৩ টা অবৈধ কাঠফলা কলসহ কৰত,জেনেৰেট আদি জব্দ কৰিবলৈ সক্ষম হয়।
ইয়াৰোপৰি উক্ত অভিযানৰ অংশস্বৰূপে কেইবা লক্ষাধিক টকাৰ মূল্যবান কাঠো জব্দ কৰে। আনহাতে বন বিভাগ আৰু আৰক্ষীৰ অভিযানৰ খবৰ পাই অবৈধ কাঠফলা মিলৰ মালিক তথা কৰ্তৃপক্ষ পলাই যাবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/c12e246f-88dd-4077-bdcc-a276f78f499f/ad1924d7_cf4a_4291_9ce8_5e2cfe7f94a9.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজিৰ এই অভিযানটো তামুলপুৰ ৰেঞ্জৰ বন বিষয়া কামেশ্বৰ বড়োৰ নেতৃত্বত কাউৰবাহা আৰক্ষী চকীৰ বিষয়া প্ৰাঞ্জল বৰুৱা তথা কুমাৰীকাটা গান্ধীবাৰী কাউৰবাহা শিবিৰৰ বন বিভাগ বিষয়া কৰ্মচাৰীসকলৰ সহযোগত এই অভিযানটি সম্পন্ন কৰা হয়।
Also Read: সমাজকৰ্মী অলকা মেধীৰ বিয়োগ