দৰঙত ক'ভিড কালত যৌনকৰ্মীক খাদ্য যোগানৰ নামত ১৫ লাখ টকা ব্যয়,ধন আত্মসাতৰ সন্দেহ

দৰঙত ক'ভিড কালত যৌনকৰ্মীক খাদ্য যোগানৰ নামত ১৫ লাখ টকা ব্যয়,ধন আত্মসাতৰ সন্দেহ

ডিজিটেল সংবাদ,মঙলদৈঃ দৰং জিলাত যেন এতিয়া সৰিয়হৰ ডুলিতে ভূত ওলাব ধৰিছে ।দৰং জিলা আয়ুক্তৰ কাৰ্যালয় শুৱনি কৰি থকা একাংশ লোকৰ ছত্ৰছায়াত চলিছে অনেক আজৱ কাণ্ড। শেহতীয়াকৈ জানিব পৰা মতে, বাণিজ্যিক যৌনকৰ্মীৰ ভৰণ পোষণৰ নামত দৰং জিলা প্ৰশাসনে ব্যয় কৰিছে প্ৰায় ১৫ লাখ টকা।

চৰকাৰী তথ্য মতে, দৰঙত ৬১৬ গৰাকী সক্ৰিয় যৌনকৰ্মী আছে । এই যৌনকৰ্মীক ক'ভিড কালত খাদ্য যোগান ধৰাৰ নামত মুঠ ১৫ লাখ টকা ব্যয় কৰা বুলি কাগজে পত্ৰই উল্লেখ্য কৰিছে দৰং জিলা প্ৰশাসনে।

জানিব পৰা মতে, ২০২০ - ২০২১ বৰ্ষত দুই লাখ ৫০ হাজাৰ টকা আৰু ২০২১ - ২০২২ বৰ্ষত ১২ লাখ ৩৩ হাজাৰ ২৩২ টকা সহ মুঠ ১৪, ৮৩, ২৩২ টকা ব্যয় কৰা বুলি দেখুওৱা হৈছে৷ যিটো দৰঙত আৰ্শ্চয্যজনক কাৰ্য বুলি বিবেচিত হৈছে।

যৌনকৰ্মীৰ নামত ১৫ লাখ টকা খৰছ কৰা বিষয়টোত সন্দেহ হোৱাত তাৰ বিষয়ে জানিবলৈ মঙলদৈ সদৰ সমষ্টিৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে জিলাখনৰ ক’ত ক’ত বেশ্যালয় তথা যৌনকৰ্মী আছে, তাৰ বিতং তথ্য বিচাৰি যোৱা তিনি অক্টোবৰতেই স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক এখন পত্ৰ প্ৰদান কৰিছিল । কিন্তু এমাহে কোনো উত্তৰ তেওঁ নোপোৱাত পুনৰ যোৱা ২৬ অক্টোবৰত জিলা আয়ুক্তৰ হাতত একে পত্ৰ প্ৰদান কৰিছিল ৷

কিন্তু তথাকথিত সক্ৰিয় প্ৰশাসন যন্ত্ৰটোৱে আজিকোপতি ইয়াৰ উত্তৰ দিয়া নাই। গতিকে যৌনকৰ্মীৰ নামত খৰছ দেখুওৱা প্ৰায় ১৫ লাখ টকা যে কাৰোবাৰ জেপত সোমাইছে বুলি সন্দেহ কৰা হৈছে। একাংশ অৱলা নাৰীৰ নামত এনেদৰে ধন আত্মসাৎ কৰাটো মানৱ সভ্যতাৰ বাবে চৰম লজ্জাজনক ঘটনা হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে হিতেশ ডেকা নামৰ এগৰাকী আৰ টি আই কৰ্মীয়ে ৪৭ দিন পূৰ্বে দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এশ কোটি টকাৰ ভয়ংকৰ কেলেংকাৰীৰ তথ্য ফাদিল কৰিছিল ৷ যিয়ে জোকাৰি দিছিল বিভিন্ন মহলক৷ এই কেলেংকাৰীত জড়িত হৈ আছে প্ৰশাসনৰ 'বুকুৰ কুটুম’ স্বৰূপ ঠিকাদাৰ, যোগনীয়াৰ নিবাৰণ বৰাৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ একাংশ আমোলা, বিষয়া, কৰ্মচাৰী।

ডেৰ মাহৰো অধিক দিনৰ আগতেই ফাদিল হোৱা এই কেলেংকাৰীৰ যিদৰে তদন্ত হ'ব লাগিছিল, সেয়া নহ'ল। কাৰণ এই কেলেংকাৰীৰ লগত জড়িত বিষয়া - আমোলা এতিয়াও জিলা প্ৰশাসনৰ ভিতৰ চ'ৰাত বিদ্যমান। যাৰফলত ফলত এই বিষয়টোক লৈ প্ৰশাসনে দুতলীয়া ভাওঁ লোৱাৰো অভিযোগ উঠিছে। কিয়নো এহাতে নিবাৰণ বৰাৰ লগতে সতীৰ্থ আমোলা, বিষয়া, কৰ্মচাৰীক সুৰক্ষা দিবলৈ যিদৰে অপ্ৰাণ চেষ্টা চলিছে, সেইদৰে নিয়মমাফিক তদন্তৰ নামত এখন সমিতিও গঠন কৰি দিয়া হৈছে৷ কিন্তু আজিলৈ তদন্তৰ নামত কি অগ্ৰগতি হৈছে তাক সদৰি কৰিব পৰা নাই জিলা প্ৰশাসনে।

জিলা খনৰ শাসকীয় দলৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে যৌনকৰ্মীক খাদ্য যোগানৰ নামত ১৫ লাখ টকা ব্যয় বিষয়ৰ ওপৰত মন্তব্য কৰি কয় যে বিষয় টি দুভাগ্যজনক, এই বিষয়ে এক উচিত তদন্ত কৰা হ'ব আৰু দোষী প্ৰমাণিত ব্যক্তিক দিষ্টান্ত মূলক শাষ্টি দিয়া হ'ব।

দৰঙত ক'ভিড কালত যৌনকৰ্মীক খাদ্য যোগানৰ নামত ১৫ লাখ টকা ব্যয়,ধন আত্মসাতৰ সন্দেহ
ভুৱা পৰিচয় দি যুৱতীৰ সৈতে সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল ,গ্ৰেপ্তাৰ ছাদিক আলী ওৰফে ৰাহুল শৰ্মা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in