মঙলদৈত বজৰং দলৰ পিষ্টল, বন্দুক চালনাৰ মুকলি প্ৰশিক্ষণ...

মংগলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলে আ্ৰয়োজন কৰা অস্ত্র প্ৰশিক্ষণ শিবিৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে

author-image
Asomiya Pratidin
New Update
মঙলদৈত বজৰং দলৰ পিষ্টল, বন্দুক চালনাৰ মুকলি প্ৰশিক্ষণ...

ডিজিটেল ডেস্কঃ মংগলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলে আ্ৰয়োজন কৰা অস্ত্র প্ৰশিক্ষণ শিবিৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বজৰং দলৰ অসম প্ৰদেশ সমিতিয়ে আয়োজন কৰা ৪ দিনীয়া শিবিৰত পিষ্টল আৰু বন্দুকৰ লগতে ধনুকাড়, লাঠিৰ মুকলিকৈ প্ৰশিক্ষণ দিয়া হৈছিল।

Advertisment

এই প্ৰশিক্ষণ শিবিৰত বজৰং দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিঙে অংশ লৈ সংবাদ মাধ্যমৰ আগত মুকলিকৈ অস্ত্ৰ শস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ কথা জানিবলৈ দিছিল। এটা সংগঠনে কেনেকৈ অনুজ্ঞাপত্ৰ নথকাকৈ পিষ্টল, বন্দুকৰ প্ৰশিক্ষণ দিয়াৰ অনুমতি প্ৰশাসনে দিলে তাক লৈ উত্থাপন হৈছে এতিয়া ডাঙৰ প্ৰশ্ন।

অসমত পুনৰ পিষ্টলৰ প্ৰশিক্ষণেৰে এক ৰক্তাক্ত পৃষ্ঠভূমি তৈয়াৰ কৰাৰ চেষ্টা কৰিছে নেকি বজৰং দলে। সেয়েহে এতিয়া ৰাজ্যৰ গৃহ প্ৰশাসন আৰু দৰং জিলা প্ৰশাসনৰ ভূমিকাক লৈ তীব্ৰ সমালোচনাৰ জোৱাৰ উঠিছে। এই সন্দৰ্ভত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই মুকলি কৈ বিভিন্ন অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বজৰং দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিঙক অচিৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

উল্লেখ্য বিগত ২৭ জুলাইৰ পৰা ৰাষ্ট্ৰীয় বজৰং দলৰ অসম প্ৰদেশ সমিতিয়ে মংগলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰৰ প্ৰাঙ্গনত এক প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছিল। ৪দিনীয়াকৈ আয়োজন কৰা এই প্ৰশিক্ষণ শিবিৰটোত ৰাজ্যখনৰ প্ৰায় ২৮খন জিলাৰ ৪০০ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।

এনে মুকলি অস্ত্ৰ প্ৰশিক্ষণৰ পাছত ৰাজ্যৰ বিভিন্ন মহলত প্ৰশ্ন উত্থাপনৰ লগতে ৰাজ্যৰ আইন শৃংখলাৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছে যে- আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি ভাৰতবৰ্ষৰ সংবিধানত শপত লোৱা এগৰাকী ব্যক্তি। ধৰ্ম নিৰপেক্ষতাত শপত লোৱা এগৰাকী ব্যক্তি, আপুনি গণতান্ত্ৰিক ব্যৱস্থাৰে সমতা প্ৰতিষ্ঠা কৰিবলৈ শপত লোৱা এগৰাকী ব্যক্তি, আপুনি গৃহমন্ত্ৰীৰ দায়িত্বতো আছে, ৰাজ্যত এটা পুলিচ বিভাগো আছে। তেনেস্থলত সংবিধানৰ কোনটো নীতিয়ে বা কোনখন আইনে অসমৰ মাটিত কোনোবা বিশেষ এটা সংস্থাক মুকলি কৈ অস্ত্ৰৰ প্ৰশিক্ষণ দিবলৈ অনুমতি প্ৰদান কৰিছে ?

ইফালে বজৰং দলৰ নেতৃত্বই এই প্ৰশিক্ষণ শিবিৰৰ সন্দৰ্ভত কয় যে- হিন্দু সমাজলৈ অহা ভয়ংকৰ সংকটৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছিল। এই কথাৰ উল্লেখ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰশ্ন - অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমান সমাজৰ মছজিদত যিদৰে জেহাদীৰ প্ৰশিক্ষণ দিয়া হয় বুলি মুছলমান মৌলবাদৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিছিল ঠিক তেনেদৰে হিন্দু মৌলবাদী এনে চিন্তাত মৌন হৈ কিয় আছে ।

ধনু-কাড় তথা তৰোৱালে কি দৰে মানুহক আক্ৰমণ কৰিব লাগে তাৰ প্ৰশিক্ষণ দিয়া এনে প্ৰশিক্ষকক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব পাৰিব নে বুলি প্ৰশ্ন কৰে কৃষক মুক্তিয়ে। এতিয়া এই বিষয়টো সন্দৰ্ভত আৰক্ষী আৰু ৰাজ্য চৰকাৰে কি ভূমিকা পালন কৰে সেয়া লক্ষণীয় হ'ব। ইতিমধ্যে এই প্ৰশিক্ষণ শিবিৰৰ দৃশ্য বিভিন্ন মাধ্যমত সহজলভ্য হৈ পৰিছে। তাৰ ভিতৰত দেখা হৈছে হাতত উদ্যত্ত পিষ্টল আৰু বন্দুক লৈ গুলীবৰ্ষণৰ প্ৰশিক্ষণ লৈ থকা কিছু যুৱককো।

Also Read: অবৈধভাৱে ভাৰতত প্ৰৱেশ, কাছাৰত গ্ৰেপ্তাৰ ৪ বাংলাদেশী নাগৰিক

rss