জুবিনৰ অনুষ্ঠান চাই ঘৰলৈ উভতি অহাৰ পথত যুৱকৰ কৰুণ মৃত্যু...

জুবিনৰ অনুষ্ঠান চাই ঘৰলৈ উভতি অহাৰ পথত  যুৱকৰ কৰুণ মৃত্যু...
জুবিনৰ অনুষ্ঠান চাই ঘৰলৈ উভতি অহাৰ পথত যুৱকৰ কৰুণ মৃত্যু...

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈত অঘটন। নিশা জুবিনৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি ঘৰলৈ উভতাৰ পথতে প্ৰাণ ত্যাগ কৰিলে এজনে। উল্লেখ্য যে, মঙলদৈত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক ঈদ সন্মিলনৰ তৃতীয়টো নিশাৰ শেষ কাৰ্যসূচী আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান।

শনিবাৰে শনিবাৰে নিশা অনুষ্ঠিত হোৱা এই সাংস্কৃিতক অনুষ্ঠানলৈ সমাগম ঘটিছিল হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ। অনুষ্ঠান শেষ হোৱাৰ পাছত ঘৰলৈ উভতাৰ পথতে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত ধীৰাজ ডেকা নামৰ যুৱকজনৰ মৃত্যু হয়।

উল্লেখ্য যে ধীৰাজ ডেকাই ঘৰলৈ উভতাৰ পথত পুনিয়াৰ মহিন্দ্ৰা ডিলাৰৰ ওচৰত এটা বিদ্যুতৰ খুঁটাত নিজৰ দুচকীয়া বাহনেৰে খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনাত নিহত ধীৰাজ ডেকাৰ ঘৰ মঙলদৈৰ হাজৰিকা পাৰা অঞ্চলৰ পুখুৰীয়াপাৰা গাঁৱত। ধীৰাজৰ মৃত্যুত হাজৰিকা পাৰা অঞ্চলত শোকৰ ছাঁ পৰিছে।

জুবিনৰ অনুষ্ঠান চাই ঘৰলৈ উভতি অহাৰ পথত  যুৱকৰ কৰুণ মৃত্যু...
কোকৰাঝাৰৰ মৰেল পুলিচিঙৰ ঘটনাঃ ২ জনক গ্ৰেপ্তাৰ, পলাতক মূল অভিযুক্ত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in