
কোকৰাঝাৰৰ মৰেল পুলিচিঙৰ ঘটনাৰ সৈতে জড়িত দুই যুৱকক আটক ৷
কোকৰাঝাৰ সদৰ আৰক্ষীয়ে পুৱতি নিশা ৩ বজাত অভিযান চলাই মাগুৰমাৰীৰ পৰা অভিযুক্ত যুৱকদ্বয়ক আটক কৰে ৷
আটকাধীন যুৱকদ্বয় ক্ৰমে মাগুৰমাৰীৰ কৌশিক মণ্ডল আৰু ৰিংকু ৰায় ৷
ঘটনাৰ মূল অভিযুক্ত ৰজত মণ্ডল সম্প্ৰতি পলাতক ৷
যোৱা ৩ আগষ্টত মাগুৰমাৰীত ৰজত মণ্ডলৰ নেতৃত্বত উদণ্ড যুৱকৰ দলে গৰুচোৰৰ সন্দেহত ঢাউলিগুৰীৰ মেধা ব্ৰহ্ম আৰু জাওলিয়াপাৰাৰ মুক্তাৰ আলী নামৰ লোক দুজনক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ।
ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল দুই ব্যক্তিক নিৰ্যাতন চলোৱাৰ দৃশ্য।
দৃশ্য ভাইৰেল হৈ পৰাৰ পাছতে ছাত্ৰ সংগঠন এবিএমছু, এবছু আৰু বনছুৱে ৰজত মণ্ডল সহ ঘটনাৰে জড়িত দোষীক আটক কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনক দাবী জনাইছিল ৷