/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b1e2840d-c29a-4d4b-93f1-65303436ecea/ACCIDENT_26.jpg)
মুকালমুৱাৰ চান্দাত পথ দুৰ্ঘটনাঃ থিতাতে নিহত যুৱক...
মুকালমুৱাৰ চান্দাত নিশা ভয়াবহ পথ দুৰ্ঘটনা৷
অচিনাক্ত বাহনৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে যুৱকে ৷
দুৰ্ঘটনাক কেন্দ্ৰ কৰি নিশা ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি৷
ঘটনাস্থলীত মুকালমুৱা আৰক্ষী বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ।
স্থানীয় লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি জবাবদিহি কৰে আৰক্ষীক ৷
আধা ঘন্টাতকৈয়ো অধিক সময় ধৰি ৰাজপথত পৰি থাকিল যুৱকৰ ৰক্তৰে ৰঞ্জিত নিথৰ দেহ ৷
ঘটনাত থিতাতে নিহত যুৱকজন বিলাসীপাৰাৰ প্ৰাঞ্জল শৰ্মা বুলি চিনাক্ত।
যুৱকজনে AS-15P-8547 নম্বৰৰ মটৰ চাইকেলখনেৰে গুৱাহাটী-হাজো দিশৰ পৰা দৌলাশাল-বৰপেটা অভিমুখে গৈ আছিল।
মটৰ চাইকেলেৰে অহা প্ৰাঞ্জল শৰ্মাক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনখনে ৷
জানিব পৰা মতে নিহত যুৱকজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ।
সম্প্ৰতি মুকালমুৱা আৰক্ষী থানাত আছে যুৱকজনৰ নশ্বৰ দেহ ৷
Also Read: গোলাঘাটত যুৱকৰ হাত কাটি দুছেও কৰা ঘটনা সন্দৰ্ভত দুজন আটকঃ দুই আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ...