/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
দুৰ্গা পূজাৰ প্ৰাকক্ষণত মঙলদৈত শোকাবহ দুৰ্ঘটনাঃ নিহত এজন, আহত দুজন...
ডিজিটেল সংবাদ মঙলদৈঃ দুৰ্গাপূজাৰ প্ৰাকক্ষণত মঙ্গলবাৰে মঙলদৈত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। মঙলদৈ কোঁৱৰপাৰাত ডাম্পাৰ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ঘ সংঘটিত হয়।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক আৰু আহত দুজন। তীব্ৰ বেগী ডাম্পাৰৰ তলত সুমাই গ'ল স্কুটিখন।
জানিব পৰামতে নিহত লোকগৰাকী মঙলদৈ ঝাৰগাওঁৰৰ চুমিত চহৰীয়া। আনহাতে আহত দুগৰাকী মঙলদৈ বেজপাৰাৰাৰ ডেভিদ চহৰীয়া আৰু ২নং মাজগাওঁৰ নিলীম ডেকা।
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ হৈছে AS-13-C-7163। আনহাতে স্কুটিখনৰ AS 13 R 0572।
Also Read: ১২ লাখ টকাৰ বাৰ্মিজ চুপাৰিসহ এজনক আটক...