মঙলদৈৰ বিশিষ্ট মহিলা ৰেণু কোঁৱৰৰ মৃত্যুত শোকৰ ছাঁ...

মঙলদৈৰ বিশিষ্ট মহিলা ৰেণু কোঁৱৰৰ মৃত্যুত শোকৰ ছাঁ...

author-image
Asomiya Pratidin
New Update
মঙলদৈৰ বিশিষ্ট মহিলা ৰেণু কোঁৱৰৰ মৃত্যুত শোকৰ ছাঁ...

মঙলদৈৰ বিশিষ্ট মহিলা ৰেণু কোঁৱৰৰ মৃত্যুত শোকৰ ছাঁ...

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ অঞ্চলৰ এগৰাকী বিশিষ্ট লেখিকা, অভিনেত্ৰী, ক্ৰীড়াবিদ, দৰং জিলা সাহিত্য সভা, দৰং জিলা মহিলা সমিতি, মঙলদৈ জিলা মইনা পাৰিজাত, লেখিকা সমাৰোহকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত বিশিষ্ট মহিলা ৰেণু কোৱঁৰৰ আজি মৃত্যু হয়। তেওঁ আছিল মঙলদৈ গড়কাপ্তানী বিভাগৰ কৰ্মচাৰী।

Advertisment

মঙলদৈৰ বৰুৱাপাৰাৰ ৰেণু কোঁৱৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৮২ বছৰ। ৰেণু কোঁৱৰৰ মৃত্যুত দৰং জিলা সাহিত্য সভা, মঙলদৈ জিলা মইনা পাৰিজাত, দৰং জিলা মহিলা সমিতি,লেখিকা সমাৰোহ, মঙলদৈ ক্ৰীড়া সন্থা, দৰং জিলা ছাত্ৰ সন্থাকে ধৰি বহু অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগতে অজস্ৰ গুণমুগ্ধই দুখ প্ৰকাশ কৰে। তেওঁৰ মৃত্যুত সমগ্ৰ মঙলদৈতে শোকৰ ছাঁ পৰিছে।

Also Read: ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক প্ৰবীন গগৈৰ মৃত্যু...

মঙলদৈ